নিউজ ডেস্কঃ পাৰিবাৰিক কন্দল আৰু স্বামী-স্ত্ৰীৰ মাজৰ তিক্ততাৰ বাবেই দেশৰ ৰাজধানী দিল্লীত সংঘটিত হ’ল এক অতি ভয়ংকৰ তথা অমানৱীয় হত্যাকাণ্ড। এগৰাকী পাষণ্ড পিতৃৰ ক্ৰোধৰ পৰিণতি কিমান ভয়াবহ হ’ব পাৰে, তাৰ এক জঘন্য নিদৰ্শন দাঙি ধৰিছে দিল্লীৰ শাস্ত্ৰী পাৰ্কৰ এই ঘটনাই। পত্নীৰ ওপৰত থকা খং পুত্ৰৰ ওপৰত জাৰি এজন ব্যক্তিয়ে কেৱল ১২ বছৰীয়া কিশোৰজনক হত্যা কৰাই নহয়, বৰঞ্চ মৃতদেহৰ সৈতে কৰা নিষ্ঠুৰতাই সমগ্ৰ মানৱ সমাজকে এতিয়া লজ্জিত কৰিছে।
শাস্ত্ৰী পাৰ্কৰ বস্তি এলেকাত সংঘটিত হোৱা এই হত্যাকাণ্ডত ১২ বছৰীয়া কিশোৰ আলতামাছৰ অতি নিষ্ঠুৰভাৱে মৃত্যু হয়। যোৱা এসপ্তাহ ধৰি আলতামাছৰ মাতৃ মুমতাজ আৰু সতীয়া পিতৃ ৱাজিদৰ মাজত তীব্ৰ কাজিয়া চলি আছিল। মাৰপিটৰ পৰা হাত সাৰিবলৈ মাতৃ মুমতাজে ওচৰৰে আত্মীয়ৰ ঘৰত আশ্ৰয় লৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে ৱাজিদে পত্নীক উভতি আহিবলৈ হেঁচা দিছিল আৰু অমান্তি হোৱাত প্ৰতিশোধ ল’বলৈ আলতামাছক লক্ষ্য কৰি লয়।
পাষণ্ড পিতৃ ৱাজিদে প্ৰথমে শিলৰ প্ৰহাৰেৰে কিশোৰজনক হত্যা কৰে আৰু তাৰ পাছত স্ক্ৰু ড্ৰাইভাৰেৰে কিশোৰজনৰ এটা চকু উলিয়াই পেলায়। ইয়াতেই ক্ষান্ত নাথাকি অপৰাধীটোৱে আলতামাছৰ কাণ কাটিবলৈও চেষ্টা কৰে। হত্যাকাণ্ডৰ পাছত ৱাজিদে নিজেই ঘটনাৰ ভিডিঅ’ বনাই পত্নীক প্ৰেৰণ কৰে আৰু জোপোহাৰ মাজত পুত্ৰৰ মৃতদেহ পৰি থকা বুলি খবৰ দিয়ে। ২০১৯ চনত আলতামাছৰ নিজা পিতৃ শফিকৰ মৃত্যুৰ পাছত মুমতাজে ৱাজিদৰ সৈতে দ্বিতীয় বিবাহত আৱদ্ধ হৈছিল।
দিল্লী আৰক্ষীয়ে ফোন নম্বৰ অনুসৰণ কৰি শাহদৰাৰ পৰা অভিযুক্ত ৱাজিদক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ মতে, ৱাজিদে কেৱল পত্নীক মানসিক যন্ত্ৰণা দিবলৈ এই চৰম পন্থা গ্ৰহণ কৰিছিল। বৰ্তমান আৰক্ষীয়ে অভিযুক্তক কঠোৰ জেৰা চলাইছে আৰু অতি সোনকালে ন্যায়ালয়ত হাজিৰ কৰোৱাৰ ব্যৱস্থা কৰিছে। এগৰাকী কিশোৰৰ প্ৰতি দেখুওৱা এনে ক্ৰূৰতাই সমগ্ৰ দিল্লীবাসীক স্তব্ধ কৰি তুলিছে।









