দৈনিক ৰাশিফলঃ ২ ফেব্ৰুৱাৰী, সোমবাৰ
মেষ ৰাশি- আপোনাৰ বাবে দিনটো যথেষ্ট উৎসাহজনক হ’ব। কৰ্মক্ষেত্ৰত কোনো নতুন প্ৰকল্পৰ নেতৃত্ব দিয়াৰ সুযোগ লাভ কৰে। আৰ্থিক দিশত উন্নতি ঘটে আৰু কোনো পুৰণি পাওনা ধন হঠাতে ঘূৰাই পায়। পাৰিবাৰিক জীৱনত সুখ-শান্তি বৃদ্ধি পায়। অৱশ্যে অতিৰিক্ত কামৰ বোজাৰ বাবে স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰে।
বৃষ ৰাশি- দিনটোত কোনো গুৰুত্বপূৰ্ণ কামত হাত দিয়াৰ আগতে জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰে। ব্যৱসায়ত মধ্যমীয়া লাভ হোৱাৰ সম্ভাৱনা আছে। কোনো অচিনাকি ব্যক্তিৰ সৈতে আৰ্থিক লেনদেন কৰোঁতে অধিক সাৱধান হয়। প্ৰেমৰ সম্পৰ্কত নতুন মোৰ লয়। শিক্ষাৰ্থীসকলে উচ্চ শিক্ষাৰ বাবে নতুন পথৰ সন্ধান লাভ কৰে।
মিথুন ৰাশি- আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পায় আৰু ইয়াৰ ফলত বহুতো কঠিন কাম সহজে সমাধান কৰে। সামাজিক মৰ্যাদা বৃদ্ধি পোৱাৰ শুভ যোগ আছে। ঘৰুৱা দায়িত্ব পালন কৰোঁতে ব্যস্ততা বাঢ়ে। নতুন কোনো বন্ধুৰ দ্বাৰা উপকৃত হয়। সন্ধিয়াৰ ভাগত কোনো সুখবৰ লাভ কৰে যিয়ে আপোনাৰ মন আনন্দিত কৰে।
কৰ্কট ৰাশি- আপুনি আজি আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থকাটোৱে শ্ৰেয়। কৰ্মস্থলীত সহকৰ্মীৰ সৈতে কিছু মতানৈক্য ঘটে, গতিকে ধৈৰ্য্য ধৰে। আৰ্থিক খৰচৰ মাত্ৰা বাঢ়ে, সেয়ে বাজেট মানি চলে। ধৰ্মীয় কাম-কাজৰ প্ৰতি ধাউতি বৃদ্ধি পায়। পৈত্রিক সম্পত্তিৰ পৰা লাভান্বিত হোৱাৰ সম্ভাৱনা আছে।
সিংহ ৰাশি- আপোনাৰ ব্যক্তিত্বই আনক আকৰ্ষিত কৰে আৰু কোনো নতুন কামত জড়িত হোৱাৰ সুযোগ লাভ কৰে। ব্যৱসায়ীসকলে নতুন বিনিয়োগৰ জৰিয়তে লাভৱান হয়। পৰিয়ালৰ সদস্যৰ সৈতে সুসম্পৰ্ক বৰ্তি থাকে। বিবাহৰ বাবে আগ্ৰহীসকলৰ বাবে দিনটো শুভ। স্বাস্থ্যৰ দিশত দিনটো যথেষ্ট উন্নত দেখা যায়।
কন্যা ৰাশি- চাকৰিয়ালসকলৰ বাবে দিনটো কিছু প্ৰত্যাহ্বানমূলক হয়। কোনো গোপন শত্ৰুৱে আপোনাৰ ভাবমূৰ্তি নষ্ট কৰিবলৈ চেষ্টা কৰে, সেয়ে সতৰ্ক হয়। ঘৰত নতুন কোনো মাংগলিক অনুষ্ঠানৰ পৰিকল্পনা চলে। আৰ্থিক দিশত হঠাতে কিছু লোকচান হোৱাৰ ভয় থাকে। বাহন চলোৱাৰ সময়ত বিশেষ সাৱধানতা গ্ৰহণ কৰে।
তুলা ৰাশি- দিনটোত আপুনি কোনো সৃজনীমূলক কামত নিয়োজিত হয়। দীৰ্ঘদিন ধৰি ৰৈ থকা আইনী সমস্যাৰ সমাধান হোৱাৰ সম্ভাৱনা প্ৰকট। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে দিনটো যথেষ্ট সুখৰ হয়। সন্তানৰ ভৱিষ্যতক লৈ থকা চিন্তা দূৰ হয়। সামাজিক যোগাযোগৰ জৰিয়তে কোনো নতুন কৰ্মসংস্থাপনৰ সন্ধান পায়।
বৃশ্চিক ৰাশি- আপোনাৰ বাবে দিনটো মিশ্ৰিত ফলদায়ক হয়। পুৱাৰ ভাগত কিছু মানসিক চাপ থাকে যদিও দিনটোৰ শেষৰ ফালে পৰিস্থিতি উন্নত হয়। ধাৰ দিয়া ধন ঘূৰাই পোৱাৰ আশা কম। শিক্ষাৰ্থীসকলে কোনো প্ৰতিযোগিতাত সফলতা লাভ কৰে। খোৱা-বোৱাৰ ক্ষেত্ৰত অনিয়ম কৰিলে পেটৰ অসুখত ভোগে।
ধনু ৰাশি- আপুনি কোনো নতুন যোজনা বা নীতি আৰম্ভ কৰে যিয়ে ভৱিষ্যতে সফলতা কঢ়িয়াই আনে। ব্যৱসায়ত উন্নতিৰ নতুন বাট মুকলি হয়। ঘৰত কোনো ধৰণৰ উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে। পুৰণি ৰোগৰ পৰা পৰিত্ৰাণ পায়। ধৰ্মীয় ভ্ৰমণৰ বাবে দিনটো অতি শুভ বুলি গণ্য হয়।
মকৰ ৰাশি- আপোনাৰ কৰ্মত নিষ্ঠা আৰু পৰিশ্ৰমৰ উচিত মূল্যায়ন হয়। কৰ্মস্থলীত পদোন্নতিৰ যোগ দেখা যায়। আৰ্থিক দিশত সঞ্চয় বৃদ্ধি পায়। কোনো আত্মীয়ৰ পৰা সহায় লাভ কৰে। পাৰিবাৰিক জীৱনত কিছু অশান্তি হ’ব পাৰে যদিও আলোচনাৰ জৰিয়তে সমাধান কৰে। স্বাস্থ্যৰ যতন লয়।
কুম্ভ ৰাশি- কোনো নতুন উদ্যোগ হাতত লোৱাৰ বাবে দিনটো অতিশয় অনুকূল। আপুনি আজি কাৰোবাক সহায় কৰি মানসিক তৃপ্তি লাভ কৰে। সমাজত আপোনাৰ গুৰুত্ব বাঢ়ে। পঢ়া-শুনাত থকা অৱহেলাই শিক্ষাৰ্থীৰ ফলাফলত প্ৰভাৱ পেলায়। আৰ্থিক লেনদেনত স্বচ্ছতা বজায় ৰাখে। সন্ধিয়া বন্ধুৰ সৈতে সময় অতিবাহিত কৰে।
মীন ৰাশি- আপোনাৰ বাবে দিনটো যথেষ্ট ব্যস্ততাৰে ভৰা হয়। ব্যৱসায়ত নতুন গ্ৰাহক লাভ কৰে আৰু লাভৰ মাত্ৰা বৃদ্ধি পায়। পৈত্রিক সম্পত্তিৰ সমস্যাৰ স্থায়ী সমাধান হয়। পত্নী বা স্বামীৰ সৈতে কোনো দূৰ ভ্ৰমণৰ পৰিকল্পনা কৰে। মানসিক শান্তিৰ বাবে আধ্যাত্মিক কিতাপ অধ্যয়ন কৰে। স্বাস্থ্য উন্নত থাকে।









