লিফ্ট ব্যৱহাৰত বাধা! পিঠত সামগ্ৰী বোজাই কৰি ষষ্ঠ মহলালৈ চিৰি বগাবলৈ বাধ্য শ্ৰমিক

নিউজ ডেস্কঃ অট্টালিকাৰ উচ্চতা বৃদ্ধি পালেও একাংশ লোকৰ সংকীৰ্ণ মানসিকতাই বৰ্তমানৰ চহৰীয়া সমাজত সৃষ্টি কৰিছে এক চৰম লজ্জাজনক পৰিৱেশ। বিশেষকৈ নয়ডা আৰু গুৰগাঁৱৰ দৰে চহৰৰ হাউচিং ছ’চাইটীসমূহত বসবাস কৰা একাংশ লোকৰ অদ্ভূত নীতি-নিয়মৰ বাবে প্ৰায়েই সাধাৰণ ভাড়াতীয়া বা শ্ৰমিকসকলে হাৰাশাস্তি ভোগ কৰিবলগীয়া হয়। শেহতীয়াকৈ এগৰাকী নতুন ভাড়াতীয়াৰ মালবস্তু ওপৰলৈ নিবলৈ লিফ্ট ব্যৱহাৰ কৰাত বাধা দিয়াৰ ফলত শ্ৰমিকসকলে প্ৰচণ্ড কষ্ট স্বীকাৰ কৰিবলগীয়া হোৱা ঘটনাই পুনৰবাৰ মানৱতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

যোৱা ২৯ জানুৱাৰীত এগৰাকী ৰেডিট ব্যৱহাৰকাৰীয়ে নিজৰ দুৰ্ভাগ্যজনক অভিজ্ঞতা বৰ্ণনা কৰি পোহৰলৈ আনিছে এই অমানৱীয় ঘটনা। হাউচিং ছ’চাইটীখনত নতুনকৈ ভাড়া লৈ অহা যুৱকগৰাকীক ছ’চাইটী পৰিচালনাৰ সৈতে জড়িত একাংশ লোকে লিফ্ট ব্যৱহাৰ কৰিবলৈ অনুমতি নিদিলে। ইয়াৰ ফলস্বৰূপে গধুৰ আচবাব আৰু অন্যান্য সামগ্ৰীসমূহ শ্ৰমিকসকলে কান্ধত বোজাই কৰি ষষ্ঠ মহলালৈ চিৰিৰে বগাই নিবলৈ বাধ্য হয়।

ভুক্তভোগী ব্যৱহাৰকাৰীগৰাকীয়ে সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰি কয়, “ছ’চাইটীৰ মেইনটেনেন্সৰ নামত বহি থকা একাংশ লোকে এনে ব্যৱহাৰ কৰে যেন গোটেই ছ’চাইটীখন তেওঁলোকৰহে নিজা সম্পত্তি। লিফ্টটো এক মৌলিক প্ৰয়োজন হোৱা সত্ত্বেও তেওঁলোকে আমাক সেইটো ব্যৱহাৰ কৰিবলৈ নিদিলে।” তেওঁ লগতে প্ৰশ্ন উত্থাপন কৰে যে বাৰে বাৰে গধুৰ বস্তু কান্ধত তুলি ছয় মহলা পৰ্যন্ত কঢ়িওৱাটো শ্ৰমিকসকলৰ প্ৰতি এক ঘোৰ অমানৱীয় আচৰণ নহয় নেকি?

এই ঘটনা পোহৰলৈ অহাৰ লগে লগে ছ’চাইটীসমূহৰ এনে স্বেচ্ছাচাৰী নীতি-নিয়মক লৈ বিভিন্ন মহলে সমালোচনা কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ শ্ৰমিক আৰু ভাড়াতীয়াৰ অধিকাৰ খৰ্ব কৰা এনে মানসিকতাই সমাজৰ এক ৰূঢ় ছবিহে প্ৰতিফলিত কৰিছে।

Leave a Comment