এই সামান্য কাৰণতে ক্ৰয় কৰিছিল আৰক্ষীৰ পোছাক! পোহৰলৈ বৃদ্ধৰ আজৱ কাণ্ড

নিউজ ডেস্কঃ চৰকাৰী পৰিবহণ সেৱাত ভাড়া পৰিশোধৰ পৰা হাত সাৰিবলৈ একাংশ লোকে গ্ৰহণ কৰা চৰম পন্থাৰ এক হাস্যকৰ উদাহৰণ এতিয়া পোহৰলৈ আহিছে হাৰিয়ানাৰ সোণিপত জিলাত। এগৰাকী ৬৯ বছৰীয়া বৃদ্ধই কেৱল বাছ ভাড়াত ৰেহাই পোৱাৰ উদ্দেশ্যৰে আৰক্ষীৰ পোছাক পিন্ধি ভুৱা পৰিদৰ্শকৰ ৰূপ লৈ অৱশেষত জে’লৰ ভাত খাবলগীয়া হৈছে। জিলাখনৰ ভটগাঁৱত আত্মীয়ৰ ঘৰলৈ অহাৰ সময়তে নিজৰ ভুৱা প্ৰতাপ দেখুৱাবলৈ গৈ বৃদ্ধগৰাকী আৰক্ষীৰ হাতত কৰায়ত্ত হয়।

সোণিপতৰ সদৰ থানাৰ আৰক্ষীয়ে ভটগাঁৱৰ পৰা ৰাজেন্দ্ৰ নামৰ এই বৃদ্ধগৰাকীক আটক কৰিছে। প্ৰাথমিক অনুসন্ধানত জানিব পৰা মতে, ঝজ্জৰ জিলাৰ বাসিন্দা ৰাজেন্দ্ৰই মাত্ৰ দুদিন পূৰ্বে এই আৰক্ষীৰ পোছাকযোৰ ক্ৰয় কৰিছিল। বাছত ভ্ৰমণ কৰোঁতে যাতে ভাড়া দিবলগীয়া নহয়, তাৰ বাবে তেওঁ এগৰাকী পূৰ্ণ পৰ্যায়ৰ পৰিদৰ্শকৰ দৰে পোছাক পৰিধান কৰি সোণিপতত উপস্থিত হৈছিল। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ক্ৰাইম ব্ৰাঞ্চ আৰু সদৰ আৰক্ষীয়ে অভিযান চলাই তেওঁক আটক কৰিবলৈ সক্ষম হয়।

ধৃত ৰাজেন্দ্ৰই জেৰাৰ সময়ত আৰক্ষীৰ ওচৰত কেইবাটাও মিছা তথ্য দিয়াৰ চেষ্টা কৰে। তেওঁ দাবী কৰে যে ২০০২ চনত কাইথালত এক দুৰ্নীতিৰ গোচৰত তেওঁক নিলম্বিত কৰা হৈছিল আৰু জে’লৰ ভাতো খাইছিল। তেওঁ ১৯৯২ চনত আৰক্ষী বাহিনীত ভৰ্তি হোৱা বুলিও মিছা মাতিছিল যদিও আৰক্ষীৰ অনুসন্ধানত সেই সকলোবোৰ মিছা বুলি প্ৰমাণিত হয়। প্ৰকৃততে কেৱল বাছ ভাড়াৰ পৰা ৰেহাই পোৱা আৰু আত্মীয়ৰ ওচৰত প্ৰভাৱ বিস্তাৰ কৰাই আছিল তেওঁৰ মূল লক্ষ্য।

সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কুমাৰে সংবাদ মাধ্যমৰ আগত কয়, “আমি ঝজ্জৰৰ বাসিন্দা ৰাজেন্দ্ৰক ভুৱা পৰিদৰ্শকৰ পোছাক পিন্ধি থকা অৱস্থাত আটক কৰিছোঁ। বৰ্তমান তেওঁক জেৰা চলাই থকা হৈছে আৰু কি উদ্দেশ্যৰে তেওঁ এই পোছাক পিন্ধিছিল তাৰ তদন্ত অব্যাহত আছে।” বৰ্তমান আৰক্ষীয়ে ধৃত বৃদ্ধগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।

Leave a Comment