নিউজ ডেস্কঃ ডিজিটেল বিশ্বৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ পৰা কিশোৰ-কিশোৰীক ৰক্ষা কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ মিত্ৰজোঁটৰ এগৰাকী সাংসদে ১৬ বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ উত্থাপন কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰৰ অন্যতম অংশীদাৰ তেলেগু দেশম পাৰ্টিৰ সাংসদ এল এচ কে দেৱৰায়লুৱে শনিবাৰে এই সন্দৰ্ভত এক ১৫ পৃষ্ঠাৰ ব্যক্তিগত বিধেয়ক দাখিল কৰে। এই বিধেয়কখনত ইনষ্টাগ্ৰাম, ইউটিউব আৰু এক্সৰ দৰে জনপ্ৰিয় প্লেটফৰ্মত কিশোৰ-কিশোৰীৰ একাউণ্ট খোলাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপৰ পোষকতা কৰা হৈছে।
সাংসদগৰাকীৰ মতে, সামাজিক মাধ্যমৰ প্ৰতি আসক্তিয়ে ভাৰতৰ নতুন প্ৰজন্মৰ মানসিক স্বাস্থ্যৰ ক্ষতি কৰাৰ লগতে দেশৰ তথ্য সুৰক্ষাকো বিপদত পেলাইছে। এই সন্দৰ্ভত সংবাদ সংস্থা ৰয়টাৰ্ছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দেৱৰায়লুৱে কয়, “আমাৰ শিশুসকল কেৱল ছ’চিয়েল মিডিয়াৰ প্ৰতি আসক্ত হোৱাই নহয়, বৰঞ্চ ভাৰতীয় ব্যৱহাৰকাৰীসকলক বিদেশী প্লেটফৰ্মসমূহৰ বাবে অবৈতনিক তথ্য যোগানকাৰীলৈ ৰূপান্তৰ কৰা হৈছে। এই কোম্পানীসমূহে আমাৰ তথ্য ব্যৱহাৰ কৰি উন্নত এআই তন্ত্ৰ নিৰ্মাণ কৰিছে, যাৰ আৰ্থিক লাভ আন দেশলৈ গৈ আছে।”
প্ৰস্তাৱিত ছ’চিয়েল মিডিয়া (বয়স সীমাবদ্ধতা আৰু অনলাইন সুৰক্ষা) বিধেয়কখনত কিশোৰ-কিশোৰীৰ অনলাইন সুৰক্ষা নিশ্চিত কৰাৰ বাবে কেইবাটাও কঠোৰ নিয়ম অন্তৰ্ভুক্ত কৰা হৈছে। বৰ্তমান বিশ্বৰ কেইবাখনো দেশে কিশোৰ-কিশোৰীৰ বাবে ছচিয়েল মিডিয়াৰ ব্যৱহাৰ সীমিত কৰাৰ দিশত কাম কৰি থকাৰ সময়তে ভাৰততো এনে এক পদক্ষেপৰ প্ৰস্তাৱে বিশেষ চৰ্চা লাভ কৰিছে।
যদিহে এই বিধেয়কখন আইনত পৰিণত হয়, তেন্তে ই বিশ্বৰ সৰ্ববৃহৎ ডিজিটেল বজাৰ হিচাপে পৰিচিত ভাৰতৰ কোটি কোটি কিশোৰ-কিশোৰীৰ অনলাইন আচৰণত ব্যাপক প্ৰভাৱ পেলাব। উল্লেখযোগ্য যে, বৰ্তমান লৈকে এই প্ৰস্তাৱৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ আনুষ্ঠানিক স্থিতি স্পষ্ট হোৱা নাই। আগন্তুক দিনত সংসদত এই বিষয়টোৱে কেনে ধৰণৰ বিতৰ্কৰ সৃষ্টি কৰে, সেয়া হ’ব লক্ষণীয়।









