সাধাৰণ জনতাক ৰাম টাঙোন! ২৬৬ টকা বৃদ্ধি পালে LPG কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম…

অব্যাহত আছে ইন্ধনজাত সামগ্ৰীৰ উৰ্দ্ধগামী যাত্ৰা।

প্ৰায় প্ৰতিদিনে বৃদ্ধি হৈ আছে পেট্ৰ’ল-ডিজেলৰ তথা চিলিণ্ডাৰৰ মূল্য।

এইবাৰ এল পি জি চিলিণ্ডাৰৰ মূল্য একেবৰাতে ২৬৬ টকা বৃদ্ধি পাইছে।

দেশৰ ৰাজধানী দিল্লীত কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম আজিৰে পৰা ২৬৬ টকা বৃদ্ধি পাইছে।

ফলত ১৯ কিলোগ্ৰামৰ কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম আজিৰে পৰা ২০০০.৫০ টকা হ’লগৈ।

ইয়াৰ পূৰ্বে ১৭৩৪ টকা আছিল এই চিলিণ্ডাৰৰ দাম। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি হোৱা নাই।

১৯ কেজি ওজনৰ একোটা কমাৰ্চিয়েল গেছৰ মূল্য মুম্বাইত ১৬৮৩ টকাৰ সলনি ১৯৫০ টকা হৈছে।

কলকাতাত এতিয়া ১৯ কিলোগ্ৰামৰ চিলিণ্ডাৰৰ দাম ২০৭৩.৫০ টকা।

ইফালে চেন্নাইত ১৯ কিলোগ্ৰামৰ চিলিণ্ডাৰৰ দাম ২১৩৩ টকা।

Leave a Comment