মাতৃৰ নশ্বৰ দেহ কান্ধত তুলি ল’লে দুই কন্যাই! মানৱতাৰ চৰম পতনৰ সাক্ষী হ’ল বিহাৰৰ এখন গাঁও

নিউজ ডেস্কঃ চৰম দাৰিদ্ৰ্যৰ বাবেই সমাজৰ পৰা বিচ্ছিন্ন হ’বলগীয়া হ’ল এটি অসহায় পৰিয়াল। বিহাৰৰ ছাপৰা জিলাৰ মঢ়ৌৰা ব্লকৰ জৱাইনীয়া গাঁৱত যোৱা কেইদিনমান পূৰ্বে এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি পোহৰলৈ অহা এই ঘটনাই আধুনিক সভ্যতাৰ মুখত কালিমা সানিছে। ববিতা দেৱী নামৰ মহিলাগৰাকীৰ মৃত্যুৰ পিছত গাঁৱৰ এজনো লোক বা কোনো আত্মীয়ই কান্ধ দিবলৈ আগবাঢ়ি নাহিল, যাৰ ফলত মহিলাগৰাকীৰ দুই অসহায় কন্যাই মাতৃৰ মৃতদেহ কান্ধত তুলি শ্মশানলৈ লৈ যাবলৈ বাধ্য হয়।

তথ্য অনুসৰি, ববিতা দেৱীৰ স্বামী ৰবীন্দ্ৰ সিঙৰ ডেৰ বছৰ পূৰ্বে মৃত্যু হৈছিল আৰু তেতিয়াৰে পৰা পৰিয়ালটোৱে তীব্ৰ আৰ্থিক সংকটৰ মাজেৰে দিন অতিবাহিত কৰিছিল। মহিলাগৰাকীৰ মৃত্যুৰ পিছত দুই কন্যাই গাঁওবাসীৰ দুৱাৰে দুৱাৰে গৈ মাতৃৰ শেষ কৃত্যৰ বাবে সহায় বিচাৰিছিল যদিও কোনো এজন লোকৰে মন নগলিল। অৱশেষত উপায়ন্তৰ হৈ দুই কন্যাই আৰু মাত্ৰ দুজনমান লোকৰ সহযোগত মৃতদেহ কান্ধত তুলি শ্মশান পালেগৈ আৰু ধৰ্মীয় ৰীতি অনুসৰি নিজেই মুখাগ্নি কৰি মাতৃৰ অন্তিম সংস্কাৰ সম্পন্ন কৰে।

ইফালে এই শোকাবহ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে মানৱীয়তাৰ স্খলনক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দৰিদ্ৰতাৰ বাবেই সমাজৰ লোকসকলে মৃতদেহটোক স্পৰ্শ কৰিবলৈ অমান্তি হোৱা বুলি চৰ্চা চলিছে। উল্লেখযোগ্য যে, অন্তিম সংস্কাৰৰ পিছত পালন কৰিবলগীয়া লৌকিকতা আৰু ধৰ্মীয় কাৰ্যসমূহৰ বাবেও বৰ্তমান এই দুই কন্যাৰ হাতত এটাও টকা নাই। বৰ্তমান দুই কন্যাই মাতৃৰ আত্মাৰ সদ্গতিৰ অৰ্থে প্ৰশাসন আৰু সচেতন সমাজৰ পৰা আৰ্থিক সহায় বিচাৰি কাতৰ প্ৰাৰ্থনা জনাইছে।

Leave a Comment