নিউজ ডেস্কঃ আনে কৰা এটা ভুলৰ বাবেই মৃত্যুৰ কোলাত শুই পৰিল মেধাৱী ছাত্ৰ দীপনয়ন। ব্যস্ত পথত হঠাতে খুলি দিয়া গাড়ীৰ দৰ্জাত খুন্দা মাৰি গুৰুতৰভাৱে আহত হোৱা দীপনয়নে অৱশেষত মৃত্যুৰ ওচৰত পৰাজয় বৰণ কৰিলে।
নলবাৰী জিলাৰ বাঁহজানীৰ নিজবাঁহজানী (নন্দাপাৰা) গাঁৱৰ ৰঞ্জিত তালুকদাৰ আৰু বীণা ডেকা তালুকদাৰৰ একমাত্ৰ পুত্ৰ তথা নালন্দা পাব্লিক স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ দীপনয়ন তালুকদাৰৰ (১৪) এনে আকস্মিক মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।
উল্লেখ্য যে, যোৱা ১৮ জানুৱাৰীৰ সন্ধিয়া দীপনয়নে পিতৃৰ সৈতে বাইকেৰে হাজো-নলবাৰী পথেৰে চ’ক বজাৰৰ দিশৰ পৰা ভাড়াঘৰলৈ গৈ আছিল। তেনে সময়তে নলবাৰী থানাৰ সমীপত ৰৈ থকা এখন চাৰিচকীয়া বাহনৰ চালকে হঠাত বিপৰীত দিশৰ দৰ্জাখন খুলি দিয়াত বাইকসহ পিতা-পুত্ৰ ৰাজপথত বাগৰি পৰে।
এই দুৰ্ঘটনাটোত পিতৃ ৰঞ্জিত তালুকদাৰ সামান্য আহত হয় যদিও বাইকৰ পিছফালে বহি থকা দীপনয়নৰ মূৰত গুৰুতৰ আঘাত লাগে। লগে লগে তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ দিছপুৰ পলিক্লিনিক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও তিনিদিনৰ অন্তত কালি নিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
আজি বিয়লি ছাত্ৰজনৰ নশ্বৰদেহ তেওঁ অধ্যয়ন কৰা নালন্দা পাব্লিক স্কুললৈ লৈ যোৱা হয় আৰু তাত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত নিজ গাঁৱত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।









