অসমীয়াৰাষ্ট্ৰীয়

জম্মু-কাশ্মীৰত কৰ্তব্যৰত অৱস্থাতে দ খাৱৈত বাগৰিল সেনাৰ বাহন! ১০ জোৱানৰ বীৰগতি

নিউজ ডেস্কঃ দেশৰ হকে কৰ্তব্য সম্পাদনৰ সময়তে ভূস্বৰ্গত পুনৰ শ্বহীদ হ’ল কেইবাগৰাকীও বীৰ জোৱান। এখন বুলেটপ্ৰুফ বাহন প্ৰায় ২০০ ফুট দ খাৱৈত বাগৰি পৰাৰ ফলত জম্মু-কাশ্মীৰত ১০ গৰাকী জোৱানৰ কৰুণ মৃত্যুৰ ঘটনাই বৰ্তমান সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে।

উল্লেখ্য যে, সেনাৰ ১৭ গৰাকী জোৱানক কঢ়িয়াই নিয়া বাহনখনে পাহাৰীয়া পথেৰে গৈ থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱায়। ডোডা জিলাৰ ভাদেৰৱাহ অঞ্চলৰ খানি টপৰ সমীপত সংঘটিত এই দুৰ্ঘটনাত ১০ গৰাকী জোৱান শ্বহীদ হোৱাৰ বিপৰীতে আন সাতগৰাকী জোৱান গুৰুতৰভাৱে আহত হৈছে। দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে সেনাই উক্ত দুৰ্গম স্থানত এক তৎপৰ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

আহত জোৱানসকলক দুৰ্ঘটনাস্থলীতে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছত উন্নত চিকিৎসাৰ বাবে হেলিকপ্টাৰেৰে উধমপুৰলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে, মাত্ৰ কেইদিনমান পূৰ্বে বাৰামুলা জিলাৰ গুলমাৰ্গ ছেক্টৰতো অনুৰূপ এক দুৰ্ঘটনাত দুজন প’ৰ্টাৰ আৰু এজন জোৱানে প্ৰাণ হেৰুৱাইছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *