নিউজ ডেস্কঃ যান-জঁটত আৱদ্ধ এম্বুলেন্সৰ সমস্যা সমগ্ৰ ভাৰততে এক গুৰুত্বপূৰ্ণ সমস্যা হৈ আহিছে। এনে পৰিপ্ৰেক্ষিতত এই সমস্যাৰ পৰা মুক্তি লাভত সহায় হোৱাকৈ আৰু জৰুৰীকালীন অৱস্থাত শীঘ্ৰে এম্বুলেন্সৰ সুবিধা লাভৰ বাবে এটা বিশেষ এপ প্ৰস্তুত কৰি উলিয়াইছে অষ্টম শ্ৰেণীৰ চাৰিগৰাকী ছাত্ৰীয়ে। বাংগালুৰুৰ দ্য ইণ্টাৰনেচনেল স্কুল বাংগালুৰু চমুকৈ টি আই এছ বিৰ অষ্টম শ্ৰেণীৰ চাৰি কিশোৰীয়ে এই জটিলতাৰ সমাধানৰ বাবে এক নতুন প্ৰযুক্তি উদ্ভাৱন কৰিছে। আদ্য য়েৰী, অনুষ্কা সুব্ৰমণিয়াম, মাহী খান্দেলৱাল আৰু মায়া কন্দদে নামৰ এই চাৰিগৰাকী ছাত্ৰীয়ে ‘এম্বুলিংক’ নামৰ এটা এপ বিকশিত কৰিছে। এই এপে জৰুৰীকালীন অৱস্থাত এম্বুলেন্সৰ সন্ধান উলিওৱাত, যান-জঁট নেভিগেট কৰাত আৰু দ্ৰুত সমন্বয় নিশ্চিত কৰাত সহায় কৰিব।
এই উদ্ভাৱনেৰে এই চাৰিজনীয়া দলটোৱে বিশ্বৰ সৰ্ববৃহৎ প্ৰযুক্তি-উদ্যমিতা প্ৰতিযোগিতাসমূহৰ ভিতৰত অন্যতম ‘টেকনোভেচন গাৰ্লছ ২০২৫’ত গ্ল’বেল গ্ৰেণ্ড প্ৰাইজো লাভ কৰিছে। উল্লেখ্য বিশ্বৰ ১১৭ খন দেশৰ ৩৩,০০০ প্ৰতিযোগীৰ মাজৰ পৰা বাছনি কৰা ‘এম্বুলিংক’ এই বছৰ এছিয়াৰ পৰা একমাত্ৰ চূড়ান্ত প্ৰতিযোগী আছিল। মাহী খান্দেলৱালে কয় যে ভাৰতত এম্বুলেন্সৰ বাবে বহুতো যোগাযোগ নম্বৰ আছে, কিন্তু চৰকাৰী এম্বুলেন্সসমূহ প্ৰায়ে সময়মতে গৈ নাপায়, আনহাতে ব্যক্তিগত এম্বুলেন্সসমূহ ব্যয়বহুল। তেওঁলোকে এম্বুলেন্সৰ মূল্য সুলভ কৰা আৰু অপেক্ষাৰ সময় কমাই সুগমতা উন্নত কৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰিছে এই ‘এম্বুলিংক’ এপ।

উল্লেখ্য যে, এই এপটোৱে টেক্সি এগ্ৰিগেটৰৰ দৰে মডলত কাম কৰে। কোনো ব্যৱহাৰকাৰীয়ে এম্বুলেন্স বুক কৰিবলৈ চেষ্টা কৰিলে, অনুৰোধটো ১০ কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত থকা এম্বুলেন্স চালকসকললৈ পঠোৱা হয়। চালকে অনুৰোধ গ্ৰহণ কৰিলে ব্যৱহাৰকাৰীয়ে তেওঁৰ লাইভ লোকেচন ট্ৰেক কৰিব পাৰে। এপটোত গুগল মেপছ আৰু চেটজিপিটিও অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে এম্বুলেন্সৰ বাবে অপেক্ষা কৰাৰ সময়ত ৰোগীক সহায় কৰিবলৈ পদক্ষেপসমূহৰ পৰামৰ্শ আগবঢ়াব। দলটোৱে অনুমান কৰিছে যে এই এপে ব্যৱহাৰকাৰীসকলক বুকিং কৰাৰ ১৫ মিনিটৰ ভিতৰত এম্বুলেন্স লাভ কৰাত সহায় কৰিব।









