নিউজ ডেস্ক। বলীউডত পুনৰ কৰোনা ভাইৰাছৰ আতংক।
শনিবাৰে কৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হয় প্ৰবীণ অভিনেতা ইউছুফ হুছেইনৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ।
খবৰ অনুসৰি, মুম্বাইৰ লীলাৱতী চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছৰে পৰা তেওঁ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল। কিন্তু শনিবাৰে পুৱা চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ জোঁৱায়েক বিখ্যাত পৰিচালক হনসল মেহতাই সংবাদ মাধ্যমক ইউছুফ হুছেইনৰ মৃত্যুৰ বিষয়ে অৱগত কৰে। সমগ্ৰ বলীউড জগতে প্ৰবীণ অভিনেতাজনৰ মৃত্যুত শোক প্ৰকাশ কৰে।
ইউছুফ হুছেইনৰ এখন ফটো শ্বেয়াৰ কৰি হনসল মেহতাই ইনষ্টাগ্ৰামত এক শোক বাৰ্তা প’ষ্ট কৰি কয় যে, “ইউছুফ হুছেইন মোৰ পিতৃৰ দৰে আছিল। অৱশেষত মই সম্পূৰ্ণৰূপে অনাথ অনুভৱ কৰিছো। মই আপোনাক বহুত মিছ কৰিম। মই আপোনাক বহুত ভালপাওঁ।”
RIP Yusuf Husain. pic.twitter.com/laP0b1U732
— Hansal Mehta (@mehtahansal) October 29, 2021
বলীউডৰ অভিনেতা-অভিনেত্ৰীসকলে প্ৰবীণ অভিনেতা ইউছুফ হুছেইনৰ মৃত্যুত শোক প্ৰকাশ কৰে। সেইসকলৰ ভিতৰত আছে অভিষেক বচ্চন আৰু মনোজ বাজপেয়ী।
অভিষেক বচ্চনে ২০০৩ চনত কুছ না কাহোত ইউছুফ হুছেইনৰ সৈতে অভিনয় কৰিছিল। অভিষেকে টুইটাৰত লিখে, “শান্তিত থাকক ইউছুফজী। আমি কুছ না কাহোৰ পৰা আৰম্ভ কৰি দ্য লাষ্ট বব বিশ্বাসলৈকে বহুতো চলচ্চিত্ৰত একেলগে কাম কৰিছো। তেওঁ অতি ধীৰ, দয়ালু আৰু উষ্ণ আছিল। তেওঁৰ পৰিয়াললৈ সমবেদনা।”
মনোজ বাজপেয়ীয়ে টুইটাৰত লিখিছিল, ‘দুখৰ খবৰ। চাফিনা হুছেইন আৰু হনসল মেহতা আৰু গোটেই পৰিয়াললৈ সমবেদনা।” পূজা ভাটেও সামাজিক মাধ্যমত শোক বাৰ্তা প’ষ্ট কৰিছিল।
উল্লেখ্য যে ইউছুফ হুছেইনে ধুম ২, ৰইছ, বিবাহ, ৰোড টু সঙ্গমকে আদি কৰি বলীউডৰ কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছিল।









