অসমত কিয় ৰাষ্ট্ৰপতি শাসন বিচাৰিছে আম আদমী পাৰ্টিয়ে?

নিউজ ডেস্কঃ অসমত নতুন অস্ত্ৰ অনুজ্ঞাপত্ৰ আঁচনি প্ৰৱৰ্তনৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমী পাৰ্টি অসমে। এই পদক্ষেপে জনসাধাৰণৰ সুৰক্ষা আৰু সাংবিধানিক শাসনৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে বুলি দলটোৱে অভিযোগ উত্থাপন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগৰিকক অস্ত্ৰৰে সজ্জিত কৰি “মণিপুৰ সদৃশ পৰিস্থিতি” সৃষ্টি কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছে আপে। একে সময়তে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈকে ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন শীঘ্ৰে জাপি দিয়াৰ দাবী জনায় দলটোৱে।

শনিবাৰে জাৰি কৰা এক প্ৰেছ বিবৃতিত আপ অসমৰ সভাপতি (ভাৰপ্ৰাপ্ত) ভৱন চৌধুৰীয়ে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক ভাৰতীয় সংবিধান আৰু অস্ত্ৰ আইন, ১৯৫৯ৰ ১৪ আৰু ২১ নং অনুচ্ছেদৰ ‘গুৰুতৰ উলংঘা’ বুলি অভিহিত কৰে।

চৌধুৰীয়ে কয় যে যেতিয়া মুখ্যমন্ত্ৰীয়ে নিজেও গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে, তেতিয়া এই সিদ্ধান্তই সাংবিধানিক কৰ্তব্যত ব্যৰ্থ হোৱাৰ ইংগিত দিয়ে। তেওঁ লগতে কয় যে, “চৰকাৰে আইন প্ৰয়োগকাৰী সংস্থাসমূহক শক্তিশালী কৰাৰ পৰিৱৰ্তে মাৰাণাস্ত্ৰ বিতৰণ কৰি ৰাজ্যখনক সম্ভাৱ্য বিশৃংখলতাৰ দিশে ঠেলি দিছে।”

এই নীতিৰ বাবে বিধানসভাৰ অনুমোদন নোপোৱাক লৈও গৰিহণা দিয়ে আপ নেতৃত্বই। অসম বিধানসভাত কোনো আনুষ্ঠানিক বিধেয়ক উত্থাপন বা গৃহীত হোৱা নাই বুলিও কয়৷ তেওঁলোকে এই পদক্ষেপক “আইনীভাৱে অপৰ্যাপ্ত, সম্পূৰ্ণ অসাংবিধানিক আৰু বিপজ্জনকভাৱে উত্তেজক” বুলি অভিহিত কৰে।

দলৰ নেতা জয়ন্ত শইকীয়া আৰু জিতু ডেকাৰ সৈতে আপৰ ৰাজ্যিক উপ-সভাপতি অনুৰূপা ডেকাৰজাই গুৱাহাটীত এখন সংবাদমেল অনুষ্ঠিত কৰে। ৰাজ্য চৰকাৰৰ পৰা “খিলঞ্জীয়া”ৰ সংজ্ঞা স্পষ্ট কৰাৰ দাবী জনায়। প্ৰস্তাৱিত অস্ত্ৰ অনুজ্ঞাপত্ৰ আঁচনিৰ যোগ্যতাৰ বাবে এইটো এটা মূল মাপকাঠী।

ডেকাৰজাই কয় যে, ‘অসম চুক্তিত দিয়া প্ৰতিশ্ৰুতি অনুসৰি যদি চৰকাৰে কেতিয়াবা ‘জনজাতীয়’ৰ শুদ্ধ সংজ্ঞা দিলেহেঁতেন, আজি এই বিতৰ্কৰ সৃষ্টি নহ’লহেঁতেন।’ তেওঁ লগতে কয়, “এতিয়া তেওঁলোকে কোন যোগ্য হ’ব সেইটো নিৰ্দিষ্ট নকৰাকৈয়ে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে – এইটোৱেই হৈছে বিশৃংখলতাৰ পথ।”

ভূমি, পৰিচয় আৰু সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত নিজৰ ব্যৰ্থতা ঢাকি ৰাখিবলৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ইচ্ছাকৃতভাৱে অশান্তিৰ সৃষ্টি কৰা বুলিও দলটোৱে অভিযোগ উত্থাপন কৰে। চৌধুৰীয়ে কয় যে নাগৰিকক অস্ত্ৰ-শস্ত্ৰ দিয়াটো নিৰাপত্তা নহয়—এয়া ভেঙুচালি।

এই পদক্ষেপক “আত্মঘাতী আৰু বিভাজনকাৰী” বুলি অভিহিত কৰি আপে শীঘ্ৰে প্ৰত্যাহাৰৰ দাবী জনায়। একে সময়তে দলটোৱে অসমত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ দাবী জনায়। তেওঁলোকে “সাংবিধানিক শাসন সম্পূৰ্ণ বিধ্বস্ত হৈ পৰা” আৰু ৰাজ্য চৰকাৰে আইন-শৃংখলা বজাই ৰাখিব নোৱাৰাৰ কাৰণ বুলি উল্লেখ কৰে।

প্ৰস্তাৱিত অস্ত্ৰ অনুজ্ঞাপত্ৰ আঁচনিৰ বিৰুদ্ধে অসমত তীব্ৰ ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিৰোধী দলসমূহে বহুজাতিক ৰাষ্ট্ৰ আৰু অতীতৰ সাম্প্ৰদায়িক সংঘাতৰ স্থানৰ বাবে অনাকাংক্ষিত পৰিণতিৰ বিষয়ে সকীয়াই দিছে।

Leave a Comment