অসম

বেলতলাৰ বৰুৱা দম্পতীৰ হত্যা কাণ্ডৰ কথা স্বীকাৰ কেয়াৰ টেকাৰ আকাশ চৌধুৰীৰ…

বেলতলাৰ বৰুৱা দম্পতীৰ হত্যা কাণ্ডৰ কথা স্বীকাৰ কেয়াৰ টেকাৰ আকাশ চৌধুৰীৰ।

 অৱশেষত হত্যা কাণ্ডৰ মূল অভিযুক্ত আকাশ চৌধুৰীয়ে মুখ খুলিছে।

হত্যা কৰা কথা স্বীকাৰ কৰিছে বৃদ্ধ দম্পতিৰ অতিকে বিশ্বাসী কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে।

অৱশ্যে হত্যাকাণ্ডৰ সৈতে আৰু কোন কোন জড়িত আছে সেই সন্দৰ্ভত বৰ্তমান পৰ্যন্ত প্ৰমাণ হোৱা নাই।

আৰক্ষীৰ ফালৰ পৰা আনুষ্ঠানিক ঘোষণাৰ পিছতেহে সকলো কথা পোহৰলৈ আহিব।

বৃহস্পতিবাৰে নিশা আৰক্ষীৰ জেৰাত অনুসূচনাত ভোগি সকলো কথা স্বীকাৰ কৰিছে আকাশে।

যুটীয়া আৰক্ষী আয়ুক্তৰ উপস্থিতিত পুনৰ বশিষ্ঠ আৰক্ষী থানাত জেৰা চলোৱা হ’ব আকাশক।

আকাশৰ পত্নী পুতু দাসকো বশিষ্ঠ আৰক্ষী থানাত চলোৱা হ’ব জেৰা।

উল্লেখ্য যে, বেলতালৰ ছাৰ্ভে চন্দন নগৰত ২৬ অক্টোবৰত সংঘটিত হৈছিল এই হত্যাকাণ্ড।

বৃদ্ধ দম্পতি ননীগোপাল বৰুৱা আৰু মিনু বৰুৱাক কেয়াৰ টেকাৰ আকাশে সম্পতিৰ লোভত হত্যা কৰাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *