অসমীয়াঅসম

অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত চােৰাং গৰু সৰবৰাহ (Cattle Smuggling), নিচাজাতীয় দ্ৰব্য, অনুপ্ৰৱেশ ৰোধত অধিক সফল হৈছে বিএছএফ (BSF)

সীমান্তৰ পুৰণি কাঁইটীয়া তাঁৰৰ বেৰৰ (Border Fencing) স্থান ল’ব ইজৰাইলৰ সদৃশ অত্যাধুনিক ফেন্সিঙে (Isreal Style Fencing)

Bsf-Annual-Press-Meet
BSF Guwahati Frontier IG briefing Media Persons in Guwahati

হনী ঝাঁঝৰী, পাটগাঁও (গুৱাহাটী)। অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত অনুপ্ৰৱেশ, পশুধনৰ চােৰাং সৰবৰাহ, নিচাজাতীয় দ্ৰব্যৰ বেহাৰ বিৰুদ্ধে অধিক সফল হৈছে ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ অভিযান।

বিশেষকৈ ভাৰত-বাংলাদেশৰ সীমান্তৰ সুৰক্ষাত নিয়ােজিত গুৱাহাটী ফ্ৰন্টিয়াৰৰ অধীনস্থ এলেকাত এনে প্ৰযুক্তিৰ প্ৰয়ােগৰ ফলত ক্ৰমাৎ হ্ৰাস পাইছে এনে অবৈধ কাৰ্যকলাপ।

উল্লেখ্য যে ভাৰত -পাকিস্তান আৰু ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰাপত্তা আৰু পহৰাৰ দায়িত্বত নিয়োজিত সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফে পহিলা ডিচেম্বৰত ৫৮ টা বৰ্ষ অতিক্ৰম কৰি ৫৯ টা বৰ্ষত ভৰি দিছে।

Indo-Bangladesh Border

১৯৬৫ চনৰ পহিলা ডিচেম্বৰত গঠন কৰা বাহিনিটোৰ বৰ্তমান বেটেলিয়ানৰ সংখ্যা হল ১৯৬ টা । যাৰ বাবে বি এছ এফ বিশ্বৰ অন্যতম সৰ্ববৃহৎ সীমান্ত নিৰাপত্তা বাহিনী হিচাপে পৰিগণিত হৈছে ।

এই মন্তব্য বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহাপৰিদৰ্শক দীনেশ কুমাৰ যাদৱৰ।

বি এছ এফৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৩০ নবেম্বৰৰ দিনা সন্ধিয়া গুৱাহাটী ফ্ৰন্টিয়াৰৰ আজাৰা পাটগাওঁস্থিত মুখ্য কাৰ্যালয়ৰ সভাগৃহত আয়োজিত বাৰ্ষিক সংবাদ মেলত বি এছ এফৰ গঠনৰ লগতে চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰ পৰ্যন্ত এঘাৰ মাহত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ে তেওঁলোকৰ পৰিসীমাত থকা বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত কেনে ধৰণৰ কাৰ্য সম্পাদন কৰিছে তাৰ বিশদ ব্যাখ্যা দাঙি ধৰে।

সংবাদ মেলত মহাপৰিদৰ্শক দীনেশ কুমাৰ যাদৱে কয় – বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ে অসম আৰু পশ্চিমবঙ্গৰ মুঠ ৫০৯ কিঃমিঃ বাংলাদেশৰ সীমান্তৰ পহৰা কাৰ্য আৰু নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হৈ আছে । চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩০ নবেম্বৰ পৰ্যন্ত এঘাৰ মাহত বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ ৩ টা চেক্টৰ কার্যালয়ে সীমান্তত বাংলাদেশলৈ সৰবৰাহ কৰা অৱস্থাত ৫,৬৯৫ টা গৰু চোৰাং সৰবৰাহকাৰীৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে ।

indo-bangladesh border

একে সময়তে ১,৫১৬.৯৬৫ গ্ৰাম সোণ , ২৭,১৬৫ টা বটল ফেন্সিডাইল , ২,৮০৪ কেজি ভাং , ৪০,২০২ টা য়াবা টেবলেট , ৫,৭৮৫ টা সুৰাৰ বটল, ৩,৩৯,০০০ টকাৰ নকল ভাৰতীয় টকা বা জাল নোট জব্দ কৰিবলৈ সক্ষম হৈছে ।

আনহাতে অভিযানত বি এছ এফে সীমান্তত ১৮৬ জন ভাৰতীয় আৰু ৪৭ জন বাংলাদেশী চোৰাং কাৰবাৰী – সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । বৰ্তমান গুৱাহাটী ফ্ৰণ্টিয়াৰৰ অধীনত থকা অসম আৰু পশ্চিমবঙ্গৰ বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৫০৯ কিঃমিঃ অংশত ৩ টা চেক্টৰৰ অধীনত ১১ টা বেটেলিয়ান নিয়োজিত হৈ আছে ।

ইয়াৰে ধুবুৰী চেক্টৰত প্ৰায় ৯১.৭২৬ কিঃমিঃ নদী সীমান্তত কাৰিকৰী কাৰণতে কাটাতাৰৰ বেৰ বা ফেন্সিং দিব নোৱাৰাৰ বাবে তাত অত্যাধুনিক প্ৰযুক্তিৰ দ্বাৰা নিৰীক্ষণ কৰি থকা হৈছে। এঘাৰ মাহত যিখিনী চোৰাং সামগ্ৰী বি এছ এফে সীমান্তত উদ্ধাৰ কৰিছে তাৰ মূল্য হব প্ৰায় ১২ কৌটি টকা ।

একে সময়তে সীমান্তত থকা ভাৰতীয় নাগৰিকৰ কল্যাণৰ বাবে বি এছ এফে সামাজিক দায়বদ্ধতা আঁচনিৰ অংশহিচাপে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ, চাফাই অভিযান , গছপুলি ৰোপণ, কৃষক ৰাইজৰ মাজত কৃষি কাৰ্যত ব্যৱহৃত সামগ্ৰী বিতৰণ, বিদ্যালয়ৰ লগতে যুৱ সমাজৰ মাজত ক্ৰীড়া সামগ্ৰী বিতৰণ, মহিলাক চিলাই মেচিন বিতৰণ কৰি আহিছে।

ইয়াৰ উপৰিও ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ৰ লগতে ছেক্টৰ আৰু বেটেলিয়ান মুখ্য কাৰ্যালয় সমূহতো গণৰাজ্য দিৱস, সন্ত্ৰাসবাদ বিৰোধী দিৱস, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, বিশ্ব পৰিবেশ দিৱস, আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী আৰু মাদক দ্ৰব্য প্ৰতিৰোধী দিৱস, ৰাষ্ট্ৰীয় স্বচ্ছতা দিৱস, আৰক্ষী স্মৃতি দিৱস, তদাৰকী সজাগতা সপ্তাহ পালন কৰা হৈছিল।

তেনেদৰে মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ অধীনত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ গাঁৱত ৰাইজৰ সহযোগত অমৃত কলহত মাটি সংগ্ৰহ কৰি সেই মাটি নতুন দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল।

ইফালে সীমান্তৰ সিপাৰৰ পৰা ভাৰতলৈ যাতে কোনো চোৰাং সামগ্ৰী বা অনুপ্ৰৱেশকাৰী আহিব নোৱাৰে তাৰ বাবে বাংলাদেশৰ ফালত সীমান্তত পহৰাৰ দায়িত্বত নিয়োজিত বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ ( বি জি বি ) সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি অহা হৈছে।

বি এছ এফে আন্তঃৰাষ্ট্ৰীয় সীমান্তত পহৰা কার্যত কোনোদিনে আপোচ নকৰে আৰু প্ৰত্যাহ্বান যিমানেই কঠিন নহওঁক কিয় তাক সদায় সাহসৰে মোকাবিলা কৰি আহিছে বুলি মহাপৰিদর্শক দীনেশ কুমাৰ যাদৱে সদৰি কৰে।

আনহাতে গুৱাহাটী ফ্ৰন্টিয়াৰৰ ভাৰপ্ৰাপ্ত প্ৰিন্সিপাল ষ্টাফ অফিচাৰ তথা উপ মহাপৰিদৰ্শক কুলবন্ত ৰায় শৰ্মাই আঁত ধৰা সংবাদ মেলখনত গুৱাহাটী ফ্ৰণ্টিয়াৰৰ ছেকেণ্ড – ইন – কমাণ্ড মনোজ কুমাৰ যাদৱ , ডেপুটী কমাডেণ্ট সুবোধ ৰকধেকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে ।

Hani Jain

Hi, I'm Hani Jain, from Guwahati (Assam). I am working in the field of Electronic, Print and Digital Media for more than one decade.

Leave a Reply

Your email address will not be published. Required fields are marked *