অসমঅসমীয়া

মাৰণাস্ত্ৰসহ দুই আলফা (স্বাধীন) (ULFA-I) কেডাৰৰ আত্মসমৰ্পণ

নিউজ ডেস্ক। পুনৰ আলফা সদস্যৰ আত্মসমৰ্পণ।

অসমৰ চৰাইদেউ জিলাৰ সােণাৰিত নিষিদ্ধ সংগঠন যুক্ত মুক্তি বাহিনী অসম-স্বাধীন (ULFA-I)ৰ দুজন সক্ৰিয় সদস্যই আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে।

Ulfa i surrender image

এই দুজন সদস্য হ’ল নয়ন পাতমাউত ওৰফে বিকাশ অসম আৰু দীপক হাতীবৰুৱা ওৰফে দিব্য অসম।

তেওঁলোকে আত্মসমৰ্পণৰ সময়ত দুটা গ্ৰেনেড, দুটা ৯ মিমি পিষ্টল আৰু ২৫ জীৱন্ত গুলী আৰক্ষীক গতাই দিয়ে।

আত্মসমৰ্পণৰ পিছতে এই দুজন সদস্যক আৰক্ষীৰ জিম্মাত লোৱা হৈছে আৰু আইনী প্ৰক্ৰিয়া চলি আছে।

লগতে চাওকঃ মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিস শৰ্মা কেন্সাৰ কেয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ নির্বাচিত

Leave a Reply

Your email address will not be published. Required fields are marked *