অসম

ষষ্ঠ অনুসূচীৰ দাবীঃ সামাজিক মাধ্যমত অভিনৱ প্ৰতিবাদ ৰাভ সংগঠনৰ…

সামাজিক মাধ্যমত অভিনৱ প্ৰতিবাদ ৰাভ সংগঠনৰ।

সামাজিক মাধ্যম যোগে ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদ খনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ দাবী।

সোমবাৰে তিনিটাকৈ ৰাভা সংগঠনৰ কামৰূপ জিলা সমিতিৰ লগতে জিলা সমিতি কেইখনৰ অন্তৰ্ভুক্ত আঞ্চলিক সমিতি সমূহে এই দবী উত্থাপন কৰিছে।

কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, কামৰূপ জিলা ৰাভা মহিলা পৰিষদ আৰু কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ নেতা-কৰ্মীৰ লগতে আঞ্চলিক সমিতি সমূহে সামাজিক মাধ্যমত এই দাবী উত্থাপন কৰিছে।

সোমবাৰে ৰাতিপুৱা ১০ বজাৰ পৰা ৰাভা সংগঠনৰ নেতা কৰ্মীসকলে প্ৰধানমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱাকৈ সামাজিক মাধ্যমত পোষ্ট দিবলৈ আৰম্ভ কৰ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সামাজিক মাধ্যম যোগে অতি শীঘ্ৰে ৰাভা হাছঙত ষষ্ঠ অনুসূচী দিবলৈ দাবী জনাই।

জানিবপৰা মতে সোমবাৰে বিয়লি ২ বজালৈ ৰাভা সংগঠন তিনিটাৰ জিলা সমিতি আৰু আঞ্চলিক সমিতি সমূহৰ নেতা-কৰ্মী সকলে এনেধৰণৰ পোষ্ট দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *