অসম

বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত আছুৰ বিক্ষোভ কাৰ্যসূচী…

বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত আছুৰ বিক্ষোভ কাৰ্যসূচী

নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পকে ধৰি অসমক ক্ষতি কৰিব পৰা বৃহৎ নদীবান্ধ বন্ধৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আৰু সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত চৰাইদেউ জিলাৰ সদৰ সোণাৰিতো সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী।

সোণাৰি নগৰৰ মাজ মজিয়াত থকা লাচিত উদ্যানৰ সন্মুখত ৰূপায়ণ কৰা হয় এই বিক্ষোভ কাৰ্যসূচী।

পুৱা এঘাৰ বজাৰ পৰা ৰূপায়ণ কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদকৰ নেতৃত্বত শতাধিক ছাত্ৰ সন্থা কৰ্মীয় অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল’গানেৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *