অসমঅসমীয়া

Assam News: নিৰ্লজ্জ কাণ্ড! দুই পিতৃহাৰা ভগ্নীক যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল শিক্ষক…

নিউজ ডেস্ক। পুনৰ গুৰু (Teacher) শিষ্যৰ (Student) পৱিত্ৰ সম্পৰ্কত কালিমা সানিলে এগৰাকী লম্পট প্ৰকৃতিৰ শিক্ষকে।

প্ৰায় ৩ বছৰ পূৰ্বে পিতৃক হেৰুওৱা দুই ভগ্নীক ইংৰাজী (English) বিষয়ত টিউচন (Tuition) কৰিবলৈ যােৱা শিক্ষকগৰকাকীয়ে যৌন নিৰ্যাতন (Sexual Abuse) চলাই ৰঙাঘৰৰ আলহী হ’বলগীয়া হ’ল।

এইবাৰ ঘটনাৰ স্থান শিৱসাগৰ (Sibsagar) জিলাৰ আমগুৰি (Amguri)।

ৰঙাঘৰৰ আলহী হােৱা অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ নাম আব্দুল ছাত্তাৰ।

NE8 1a

আব্দুল ছাত্তাৰ

জানিব পৰা মতে, এই শিক্ষকগৰাকীয়ে ভগ্নীদ্বয়ক তেওঁলােকৰ বাসগৃহতে ইংৰাজী বিষয়ৰ টিউচন লৈছিল। কিন্তু কিছুদিনৰ পৰা পূৰ্বতে বায়েকক আৰু শেহতীয়াকৈ ভগ্নীকাে যৌন নিৰ্যাতন চলাইছিল।

NE8 1c

আৰক্ষীৰ জালত আব্দুল ছাত্তাৰ

প্ৰথমতে বায়েকৰ ক্ষেত্ৰত সংঘটিত কৰা এনে দুষ্কাৰ্য্য ভয়-ভাবুকিৰে গাপ দিবলৈ সক্ষম হৈছিল যদিও অৱশেষত নিজ মাতৃক সকলাে কথা বিৱৰী কােৱাত বিধৱা মাতৃগৰাকীয়ে এই সম্পৰ্কে আৰক্ষীৰ কাষ চাপে।

অৱশেষত লম্পট শিক্ষকৰ ভয় – ভাবুকিকো নেওচি পিতৃহীনা ছাত্ৰী দুগৰাকীৰ মাতৃয়ে নামটি থানাত এজাহাৰ দাখিল কৰে অভিযুক্ত অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ বিৰুদ্ধে ।

এজাহাৰৰ পিছতে বুধবাৰে নামটি আৰক্ষীয়ে অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল ছাত্তাৰক গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰে।

Click to follow our Facebook Page, Twitter, YouTube and Instagram. Our WhatsApp No. 60004-66608

লগতে পঢ়কঃ

ৰহস্যজনক! পুখুৰীত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ

মৎস্য চিকাৰ প্ৰতিযােগিতাৰ বাবে তীব্ৰ যান-জঁট, এম্বুলেন্সতে সন্তান প্ৰসৱ মহিলাৰ, সদ্যােজাতৰ মৃত্যু

Leave a Reply

Your email address will not be published. Required fields are marked *