অসমঅসমীয়া

Assam News: যমজ সন্তানৰ জন্মৰ আনন্দৰ মাজতে ৰেহেনাজৰ পৰিয়াললৈ নামিল কাল অমানিশা…

Assam News : এয়াৰ এম্বুলেন্সেৰে চেন্নাইলৈ নিও নহ’ল প্ৰাণৰক্ষা

এক কৰুণ ঘটনা।

যমজ সন্তানৰ জন্মৰ আনন্দৰ মাজতে কাল অমানিশা নামি আহিল ৰেহেনাজ পাৰবিন নামৰ মহিলাগৰাকীৰ পৰিয়াললৈ।

উল্লেখ্য যে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ চেনীমাৰীৰ বাসিন্দা ৰেহেনাজ পাৰবিনে এপষেক পূৰ্বে দুটি সুস্থ যমন সন্তানক জন্ম দিয়ে। গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শিশু দুটিৰ প্ৰসৱৰ পিছতে অৱশ্যে ৰেহেনাজৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিবলৈ ধৰে।

Rehenaj 1

ৰেহেনাজ পাৰবিন

চিকিৎসকে ৰেহেনাজক সুস্থ কৰি তুলিবলৈ আপ্ৰাণ চেষ্টা চলায় যদিও ৰেহানাজৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ জটিল হৈ পৰে।

অৱশেষত, শনিবাৰে এয়াৰ এম্বুলেন্সৰে ৰেহেনাজক চেন্নাইলৈ নিয়া হয় যদিও হাস্পতালত ভৰ্তি কৰােৱাৰ কিছু মুহূৰ্তৰ পিছতে মহিলাগৰাকীয়ে নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানে।

Rehenaj 2

ৰেহেনাজ পাৰবিন

এই ঘটনাই বৃহত্ত চেঙা সমষ্টিবাসীৰ মাজত গভীৰ শােকৰ ছাঁ পেলাইছে।

Assam News Rehanaj Parbin 3

যমজ সন্তান

স্থানীয় বিধায়ক আশ্ৰাফুল হুছেইনে সামাজিক মাধ্যমৰ জৰিয়তে এই ঘটনাত গভীৰ শােক প্ৰকাশ কৰাৰ লগতে যমজ সন্তান দুটিৰ সুস্বাস্থ্যৰ কামনা কৰিছে।

লগতে চাওকঃ কইনাৰ সাজ পিন্ধা নহ’ল কৰৱীৰ, বিয়াৰ এপষেক পূৰ্বে ঘটিল এই ঘটনা…

Assam News Karabi Talukdar
Assam News Karabi Talukdar

Leave a Reply

Your email address will not be published. Required fields are marked *