অসমঅসমীয়া

বহিঃৰাজ্যত পিতৃৰ অস্থি বিসৰ্জন দি ৰে’লেৰে ওভতাৰ পথত অসমৰ মহিলাক হত্যা, গ্ৰেপ্তাৰ হত্যাকাৰী পানী বিক্ৰেতা

নিউজ ডেস্ক। ৰে’লত কিমান সুৰক্ষিত অকলে যাত্ৰা কৰা মহিলাসকল?

সুদূৰ বিহাৰৰ চুলতানগঞ্জত প্ৰয়াত পিতৃত অস্থি বিসৰ্জন দিয়াৰ পিছত বাবাধামলৈ গৈ ৰে’লেৰে স্বগৃহলৈ ওভতাৰ পথত ৰে’লৰ দবাত হত্যা কৰা হ’ল নলবাৰীৰ পম্পী শৰ্মা হালৈ নামৰ মহিলাগৰাকীক।

আনকি আজাৰা আৰু মালিগাঁও ৰে’ল ষ্টেশ্যনৰ মাজতে হত্যা কৰি মৃতদেহ ৰে’লৰ দবাৰ শৌচাগাৰত পেলাই থৈছিল ঘাতকে।

এই শিহৰণকাৰী হত্যাকাণ্ডৰ তদন্ত চলাই ৰে’ল আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে দীপক দাস নামৰ পশ্চিম বংগৰ কােচবিহাৰৰ এজন লােকক। এই লােকজনে ৰে’লত পানী বিক্ৰীৰ উদ্দেশ্য কােচবিহাৰত উঠিছিল বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে।

F 1

যােৱা ১৬ আগষ্টত সংঘটিত এই নৃশংস হত্যাকাণ্ডৰ তদন্ত চলাই কামাখ্যা ষ্টেচনৰ আৰ পি এফ- জি আৰ পিয়ে মহিলাগৰাকীৰ মূল হত্যাকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে আৰক্ষীৰ জেৰাত ধৃত দীপক দাসে মহিলাগৰাকীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে।

উল্লেখযোগ্য যে যোৱা ১৬ আগষ্টত গয়া-কামাখ্যা ৰে’লৰ বাথৰুমত উদ্ধাৰ হৈছিল পম্পী শৰ্মা হালৈৰ মৃতদেহ।

দীপক দাসে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰাৰ লগতে দবাত বহি থকা অৱস্থাতে ডিঙি চেপি মহিলাগৰাকীক হত্যা কৰা বুলি জানিবলৈ দিছে। ঘাতক দীপক দাসে হত্যাৰ পিচত মহিলাগৰাকীৰ কাণফুলি, সোণৰ চেইন, আঙঠি, ম’বাইল ফোন আৰু নগদ ধন আদি কাঢ়ি নিয়াৰ লগতে মৃতদেহ ছিটৰ পৰা নি বাথৰুমত পেলাই ৰে’লৰ পৰা পলায়ন কৰে বুলি স্বীকাৰােক্তি প্ৰদান কৰিছে।

উল্লেখযোগ্য যে যোৱা ১৫ আগষ্টত দুই ভগ্নীৰ সৈতে পিতৃৰ অস্থি বিসর্জন দিয়াৰ বাবে বিহাৰৰ চুলতানগঞ্জলৈ গৈছিল পম্পী শৰ্মা হালৈ।

আনহাতে এই কাম সম্পন্ন হোৱাৰ পিচত দুই ভগ্নীক ঘৰলৈ পঠিয়াই অকলশৰে বাবাধামলৈ গৈছিল মহিলাগৰাকী। কিন্তু বাবাধাম পৰিদৰ্শন কৰি অকলে ৰে’লেৰে ঘৰলৈ উভতি আহোতেই এই ঘটনা সংঘটিত হয়।

ইপিনে, সাধাৰণ শ্ৰেণীৰ টিকট ক্ৰয় কৰি গুৱাহাটীলৈ অহা মহিলাগৰাকীৰ বিশেষভাৱে সক্ষম শ্ৰেণীৰ দবাৰ বাথৰুমত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈও গভীৰ ৰহস্যৰ সৃষ্টি হৈছে।

লগতে পঢ়কঃ ডক্টৰেট হ’ল অসম আৰক্ষীৰ DIG পাৰ্থসাৰথি মহন্ত

পাৰ্থসাৰথি মহন্ত

Leave a Reply

Your email address will not be published. Required fields are marked *