নিষিদ্ধ ড্ৰাগছসহ আটক মৌলবী

নিউজ ডেস্ক। ৰাজ্যজুৰি নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ তীব্ৰ অভিযান।

বঙাইগাঁও আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক কৰা হ’ল এজন মৌলবীক।

246878537-2933632510281634-1558743435471559912-n

শনিবাৰে আবেলি এটা চাবোনৰ বাকচত ১২গ্ৰাম ড্ৰাগছসহ সদৰ থানাৰ অন্তৰ্গত কিষাণ বজাৰৰ পৰা আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰী মৌলবীজনক।

মৌলবীজন মানিকপুৰ থানাৰ অন্তৰ্গত চানমাৰাৰ হাফিজ আব্দুল্লাহ আলী।

আৰক্ষীয়ে জব্দ কৰে এএছ ১৯এল ৩১৯৫ নম্বৰৰ মৰচাইকেলখন।

সম্প্ৰতি বঙাইগাঁও সদৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখইছে মৌলবীজনক।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Comment