ৰাজভৱনৰ বাকৰিত কৰভা চ’থ উৎসৱ উদযাপন

নিউজ ডেস্ক। দেশজুৰি মূলতঃ হিন্দু ধৰ্মাৱলম্বী বিবাহিতা মহিলাসকলে স্বামীৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু মংগল কামনা কৰি পৰম্পৰাগতভাবে পালন কৰি অহা কৰভা চথ উৎসৱ দেওবাৰে বিয়লিৰ পৰা সন্ধিয়ালৈ ৰাজভৱনৰ বাকৰিত উদযাপন কৰা হয়।

উৎসৱৰ কাৰ্যসূচীত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখিৰ সহধৰ্মিনী আৰু ৰাজ্যৰ প্ৰথম মহিলা প্ৰেম মুখিকে ধৰি গুৱাহাটীত থকা উত্তৰ ভাৰতৰ বহু সংখ্যক মহিলাই ভাগ লয়।

photo-2021-10-24-20-46-47

আনহাতে, উৎসৱত ভাগ লোৱা মহিলা সকলে পৰম্পৰাগতভাবে যাবতীয় মাংগলিক কার্যৰ মাজেৰে স্বামীৰ মংগল কামনা কৰে আৰু ইজনে সিজনক শুভেচ্ছা জ্ঞাপন কৰে।

246721304-4717962558292151-5110218272939104475-n

উৎসৱত ৰাজ্যপাল অধ্যাপক জগদীশ মুখি, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী আৰু প্ৰাইড ইষ্ট এণ্টাৰটাইণ্টমেণ্টৰ মুখ্য পৰিচালন সঞ্চালক ৰিণিকী ভূঞা শৰ্মা, বিশিষ্টা অভিনেত্ৰী আইমী বৰুৱা উপস্থিত থাকি উৎসৱত ভাগ লোৱা মহিলা সকলৰ সৈতে কুশল বার্তা বিনিময় কৰে।

247262985-4717962328292174-8793926501091597992-n

জনপ্ৰিয় সংগীত শিল্পী বনশ্ৰী শইকীয়াৰ গণেশ বন্দনাৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত শিল্পী গৰাকীয়ে কেবাটাও কালজয়ী হিন্দী গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।

photo-2021-10-24-20-46-33

আনহাতে সাংবাদিকৰে সৈতে হোৱা চমু বার্তালাপত ৰাজ্যপাল অধ্যাপক জগদীশ মুখিয়ে কৰভা চথক নাৰীশক্তিৰ প্ৰতীক বুলি ব্যক্ত কৰে।

তেনেদৰে ৰাজ্যৰ প্ৰথম মহিলা প্ৰেম মুখিয়ে উৎসৱ উদযাপনৰ তাৎপৰ্য আৰু ইয়াৰ আঁৰত মহাভাৰতৰ দিনৰে পৰা থকা বিশ্বাস, পৰম্পৰা আদিৰ বিষয়ে চমুকৈ সদৰি কৰে।

246215847-4717962851625455-431132868844158435-n

ইয়াৰ উপৰিও ৰিণিকী ভূঞা শৰ্মা আৰু আইমী বৰুৱায়ো উৎসৱ সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

photo-2021-10-17-09-31-10

Leave a Comment