গাখীৰ নিদিয়া গৰুক দানা খুৱাই লাভ নাই, ট্ৰেক্টৰত ভোট দিলে ২৬ লিটাৰ গাখীৰ পাবঃ মুখ্যমন্ত্ৰী…

ৰাজ্যত বলিছে উপ নিৰ্বাচনৰ গৰম বতাহ।

উপ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈছে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দল।

পাঁচোটা সমষ্টি নিজৰ দখললৈ আনিবলৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

দেওবাৰে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো সমষ্টিতে দলীয় প্ৰাৰ্থীক জয়ী কৰাবলৈ প্ৰতিখন নিৰ্বাচনী সভাত দিছে ন ন প্ৰতিশ্ৰুতি।

মুখ্যমন্ত্ৰী শৰ্মাই কয়- ‘যি গৰুৱে গাখীৰ নিদিয়ে তাক দানা খুৱাই লাভ নাই। ট্ৰেক্টৰত ভোট দিলে প্ৰতিদিনে লাভ কৰিব ২৬ লিটাৰ গাখীৰ।’

লগতে কয়- আনন্দ বজাৰত কোল ষ্টোৰেজ, শালবাৰীত এম্বুলেন্স আৰু সাউদৰভিঠাত প্ৰেক্ষাগৃহ বনোৱা হ’ব৷ এই বছৰত এক লাখ চৰকাৰী চাকৰি দিয়া হ’ব৷ সকলো ল’ৰা ছোৱালীয়ে কৰ্মসংস্থাপন পাব লাগিব৷ এক টকাৰো ঘোচ নোখোৱাকৈ চাকৰি পাব৷পুলিচত ২৫ হাজাৰ চাকৰি হ’ব৷ মই মুখ্যমন্ত্ৰী থকালৈকে চাকৰিৰ নামত কোনেও এক টকাও দিব নালাগে।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, ‘অসমৰ আটাইতকৈ ডাঙৰ সমস্যা-ডেকা ল’ৰাবোৰ বিপথে পৰিচালিত হয় ড্ৰাগছৰ  বাবে। আমি ড্ৰাগছৰ বিৰুদ্ধে যুঁজিছো৷ ক’ভিডৰ বাবে লোন ঘূৰাই দিব পৰা নাছিলো। এপ্ৰিলত বাঢ়িব অৰুণোদই আঁচনিৰ ধন। প্ৰত্যেক বছৰে বাঢ়ি থাকিব এই ধনৰাশি৷ ছয় হাজাৰ পৰিয়ালক অৰুণোদই দিম বিটিএডিত।

Leave a Comment