নিউজ ডেস্কঃ ঘোচ লোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে নিলম্বন কৰা হ’ল লখিমপুৰ জিলাৰ বঙালমৰা আৰক্ষী আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া তৰুণ বড়োক।
আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে লখিমপুৰৰ আৰক্ষী অধীক্ষকক ঘোচখোৰ আৰক্ষী বিষয়াগৰাকীক নিলম্বনৰ নিৰ্দেশ প্ৰদান কৰে।
Reference – Video of Incharge Of Bongalmora police Out post, under Bihpuria P.S. District Lakhimpur allegedly demanding and accepting bribe – SP of @lakhimpurpolice district has been directed to place the said officer under suspension, cause an enquiry & take action per law.
— GP Singh (@gpsinghips) April 26, 2023
সমন্তৰালভাৱে এই উৎকোচ কাণ্ডৰ তদন্তৰো নিৰ্দেশ দিয়ে ডিজিপিয়ে।
উল্লেখ্য যে, কোনো বিষয়ত গোচৰ দিবলৈ অহা এজন লোকৰ পৰা ১০০০ টকাৰ উৎকোচ লৈছিল আইচি তৰুণ বড়োৱে।
গোপনে প্ৰস্তুত কৰা এই উৎকোচ কাণ্ডৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।









