
আকৌ ঘোচ কাণ্ড! এইবাৰ শিলচৰত ৩ হাজাৰ টকাৰ উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ পাটোৱাৰী…
নিউজ ডেস্কঃ কৈ কৈ শেষ নপৰে ঘোচখোৰ চৰকাৰী কৰ্মচাৰীৰ কথা।
এইবাৰ কাছাৰ জিলাৰ শিলচৰত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
শিলচৰৰ ভূমি নিষ্পত্তি কাৰ্যালয়ত অভিযান চলাই ঘোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ আন এজন ঘোচখোৰ কৰ্মচাৰীক।
দুৰ্নীতি নিবাৰক শাখাই কাৰ্যালয়টোৰ পৰা গ্ৰেপ্তাৰ কৰে মিছবা উদ্দিন লস্কৰ নামৰ পাটোৱাৰীজনক।
ভূমি নামজাৰিৰ নামত ৩ হাজাৰ টকাৰ উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰীজন।
Today, a team of @DIR_VAC_ASSAM trapped red handed and arrested Sh Misbah Uddin Laskar, Patwary in the O/O Settlement Officer, Silchar, Dist. Cachar after he accepted demanded bribe from the complainant for mutating his name in land records. @CMOfficeAssam @assampolice pic.twitter.com/XZINmLNTua
— Surendra Kumar (@surendrakr_ips) March 28, 2023





