অসমীয়াৰাষ্ট্ৰীয়

ভালপোৱাত হেঙাৰ হ’ল পৰিয়াল! বিৰহতে পাহাৰৰ পৰা জঁপিয়াই জীৱন শেষ কৰাৰ চেষ্টা এহাল প্ৰেমিক-প্ৰেমিকাৰ…

নিউজ ডেস্কঃ ভালপোৱাৰ সম্পৰ্কটোক পৰিয়ালে মানি ল’বলৈ অস্বীকাৰ কৰাৰ বাবেই পাহাৰৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা চলালে এহাল প্ৰেমিক-প্ৰেমিকাই।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ ৰামনগৰ জিলাত।

অৱশ্যে পাহাৰৰ পৰা জপিয়াই জোপোহাৰ ওপৰত পৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যদিও সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে যুৱক-যুৱতীহালকৰ।

জানিব পৰা মতে, নাগাৰভৱীৰ বাসিন্দা চেতন (১৯) আৰু কাঠৰিগুপেৰ নিৱাসী সাহিত্য এম (১৯)ৰ মাজত বিগত ৬ বছৰ ধৰি আছিল প্ৰেমৰ সম্পৰ্ক।

ৰামনগৰ জিলাৰ ডা০ বিষ্ণুবৰ্ধন ৰোডৰ এখন ব্যক্তিগত মহাবিদ্যালয়ৰ বি.ইৰ প্ৰথম বৰ্ষৰ ছাত্ৰ চেতন। আনহাতে একেখন মহাবিদ্যালয়তে বি.কম অধ্যয়ন কৰি আছিল সাহিত্যই।

দুয়োজনে ইজনে আনজনৰ সৈতে জীৱন পাৰ কৰিব বিচাৰিছিল যদিও দুয়োৰে প্ৰেমৰ মাজত হেঙাৰ হৈ ঠিয় দিয়ে যুৱক-যুৱতীহালৰ পৰিয়াল।

যাৰ বাবে দুয়োজনে আত্মহত্যাৰ সিদ্ধান্ত লয়।

image 96

সেই অনুসৰি পুৱা দুয়োজনে ৰামদেৱৰা বেট্টা হিলছলৈ গৈ পাহাৰৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলায়।

ইফালে পাহাৰৰ ওপৰত এজন পৰ্যটকে যুৱক-যুৱতীহালৰ বেগ পৰি থকা প্ৰত্যক্ষ কৰি সন্দেহবশতঃ আৰক্ষীক খবৰ দিয়ে।

ইয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ প্ৰায় দুঘণ্টা প্ৰচেষ্টা চলাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চেতন আৰু সাহিত্যক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।