নিউজ ডেস্কঃ তিনি বছৰ পূৰ্বে কেঁচা ঘৰত দৰিদ্ৰতাৰ জীৱন পাৰ কৰা এজন ২৩ বছৰীয়া যুৱকে আজি সাজিছে কোটিটকীয়া ঘৰ। আছে কেইবাখনো বিলাসী বাহন আৰু বিশাল সম্পত্তি।
হিন্দী চিনেমাৰ কাহিনীৰ দৰেই যুৱকজনৰ এনে উত্থানে স্তম্ভিত কৰি তুলিছিল সকলোকে। কিন্তু শেহতীয়াকৈ আৰক্ষীৰ তদন্তৰ পিছতে পোহৰলৈ আহিল যুৱকজনৰ হাতত থকা আলাউদ্দিনৰ চাকিটোৰ ৰহস্য।
এই যুৱকজনৰ নাম হৈছে মোচ্ছাবিৰ হুছেইন। মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ বাসিন্দা মোচ্ছাবিৰ এজন মষ্ট ৱাণ্টেড চাইবাৰ অপৰাধী।
আৰক্ষীয়ে সদৰী কৰা মতে, অষ্টম শ্ৰেণী উত্তীৰ্ণ মোচ্ছাবিৰ হুছেইনে ৩ বছৰ পূৰ্বে চাইবাৰ অপৰাধৰ সৈতে জড়িত হৈ পৰিছিল।
নিজকে বিক্ৰম সিং আৰু হৰমিত সিং বুলি পৰিচয় দি অন্য ব্যক্তিৰ নামত ভুৱা আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেন্স আদি প্ৰস্তুত কৰি চাইবাৰ অপৰাধ সংঘটিত কৰিছিল মোচ্ছাবিৰে।

ভুৱা প্ৰমান পত্ৰৰে অনলাইন ঋণ লৈ তিনি বছৰৰ ভিতৰতে কোটিপতি হৈ পৰা ২৩ বৰ্ষীয় মোচ্ছাবিৰৰ তথ্য পোহৰলৈ আহে আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত।
মৰিগাঁও আৰক্ষীয়ে চাইবাৰ অপৰাধৰ বিৰুদ্ধে অভিযান চলাই জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ৩২ জন চাইবাৰ অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও পলাতক হৈ আছিল মষ্ট ৱাণ্টেড মোচ্ছাবিৰ হুছেইন।
অসমৰ লগতে কেৰালা আৰু অন্য ৰাজ্যতো আত্মগোপন কৰি থকা মোচ্ছাবিৰক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অবিৰত অভিযান অব্যাহত ৰখাৰ সময়তে অৱশেষত আৰক্ষীৰ হেঁচাত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় দুধৰ্ষ চাইবাৰ অপৰাধীজনে।

বৃহস্পতিবাৰে মোচ্ছাবিৰ হুছেইনে মৰিগাঁও আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছতে জেৰা চলায় আৰক্ষীয়ে।
এই জেৰাত মোচ্ছাবিৰে সংঘটিত কৰা বহু অপৰাধৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে বুলি জানিবলৈ দিছে আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে।
চাইবাৰ অপৰাধ সংঘটিত কৰি ৩ বছৰৰ ভিতৰতে কোটিপতি হোৱা মোচ্ছাবিৰ হুছেইনৰ অপৰাধৰ কাণ্ডই সমগ্ৰ মৰিগাঁৱতে জোকাৰণি তুলিছে।









