
শোকাবহ! বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু BSFত কৰ্মৰত অসমৰ ধৃতাশ্ৰী ৰাভাৰ, পহিলা এপ্ৰিলত কথা আছিল ঘৰলৈ অহাৰ…
নিউজ ডেস্কঃ আৰু ১০ দিন পিছতে ঘৰলৈ অহাৰ কথা আছিল বিএছএফত কৰ্মৰত ধৃতাশ্ৰীয়ে।
নিশা ফোনত ১ এপ্ৰিলত ঘৰলৈ অহাৰ কথা জনাইছিল অসমৰ যুৱতীগৰাকীয়ে।
কিন্তু মাতৃৰ সৈতে ফোনত কথা পতাৰ কিছু সময় পিছতে ৰহস্যজনকভাৱে আত্মহননৰ পথ বাচি লয় ধৃতাশ্ৰীয়ে।
এই ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।
জানিব পৰা মতে, বকোৰ ডাকুৱাপাৰাৰ নিৱাসী ধৃতাশ্ৰী ৰাভা নামৰ যুৱতীগৰাকীয়ে কোচবিহাৰত খেলৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল।
মেঘালয়ৰ তুৰাস্থিত বিএছএফৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰাৰ পিছত বিগত ৬ মাহ ধৰি কোচবিহাৰতে আছিল ধৃতাশ্ৰী।
দেওবাৰে নিশা যুৱতীগৰাকীয়ে মাতৃ আৰু ভগ্নীৰ সৈতে ফোনত কথা পতাৰ সময়ত ১ এপ্ৰিলত ছুটিত ঘৰলৈ অহাৰ কথা কৈছিল।
কিন্তু তাৰ পূৰ্বেই ৰহস্যজনকভাৱে আত্মহননৰ পথ বাচি লয় ধৃতাশ্ৰীয়ে।
কন্যাৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে শোকত ভাগি পৰিছে যুৱতীগৰাকীৰ পিতৃ-মাতৃ।
জানিব পৰা মতে, মঙলবাৰে ধৃতাশ্ৰীৰ মৃতদেহ লৈ অহা হ’ব স্ব-গৃহলৈ।






Pingback: কেৰালাত ভাগ্য উদয় হ’ল অসমৰ যুৱকৰ! লটাৰীত ১০ কোটি টকাৰ পুৰস্কাৰ জিকি নিশাটোৰ ভিতৰতে কোটিপতি হৈ প