অসম

কাজিৰঙাৰ এনিমেল ক’ৰিডৰৰ অবৈধ নিৰ্মাণ উচ্ছেদৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ…

কাজিৰঙাৰ এনিমেল ক’ৰিডৰৰ অবৈধ নিৰ্মাণ উচ্ছেদৰ নিৰ্দেশ।

৯টাকৈ এনিমেল ক’ৰিডৰত থকা সকলো অবৈধ নিৰ্মাণ উচ্ছেদৰ নিৰ্দেশ।

উচ্চতম ন্যায়ালয়ৰ চেন্ট্রেল এমপাৱাৰ্ড কমিটীয়ে দিলে এই নিৰ্দেশ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ হাতীৰ দণ্ডিকেইটাত অবৈধভাৱে গঢ় লৈ উঠা মন্দিৰ, হোটেল, ৰেষ্টুৰেণ্ট আনকি চৰকাৰী ঘৰ অনতিপলমে ভাঙি পেলোৱাৰ নির্দেশ দিছে দেশৰ উচ্চতম ন্যায়ালয়ে।

যোৱা ৬ অক্টোবৰ তাৰিখে অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱালৈ এক পত্ৰ প্ৰেৰণ কৰি এই নির্দেশ প্ৰদান কৰে।

সচিব অমৰনাথ শেট্টিৰ স্বাক্ষৰিত পত্ৰখনত চাৰি সপ্তাহৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰাৰ প্রতিবেদনো দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০১৯চনৰ ১২ এপ্রিলতে হাতীৰ দণ্ডিসমূহ জনবসতি মুক্ত কৰিবলৈ নিৰ্দেশ দিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *