আলফা (স্বাঃ) দুৰ্ধৰ্ষ কেডাৰ মাধুৰ্য্য সোণোৱাল ওৰফে নিউটন অসমৰ আত্মসমৰ্পণ…

আলফা স্বাধীনৰ দুৰ্ধৰ্ষ কেডাৰ মাধুৰ্য্য সোণোৱাল ওৰফে নিউটন অসমৰ আত্মসমৰ্পণ।

ম্যানমাৰৰ অটব্য অৰণ্যৰ পৰা উভতি আহি মাৰ্ঘেৰিটা মহকুমাৰ জাগুন চন্দ্ৰপুৰ কোলাপথাৰৰ নিজ গৃহত উপস্থিত হয় মাধুৰ্য্য।

পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ সন্তান মাধুৰ্য্যই ২০১৭ চনৰ আগষ্ট মাহৰ শেষৰ ফালে আলফা স্বাধীনত যোগদান কৰিছিল।

প্রায় চাৰি বছৰৰ মূৰত অৱশেষত আত্মসমৰ্পণ কৰি মূল সুঁতিলৈ উভতি আহিল মাধুৰ্য্য ওৰফে নিউটন অসম।

যোৱা ১২ অক্টোবৰ তাৰিখে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল নিউটন অসমে।

আত্মসমৰ্পণ কৰাৰ প্ৰায় ৮ দিনৰ অন্তত জাগুনৰ চন্দ্ৰপুৰ কোলাপথাৰৰ নিজ গৃহত উপস্থিত হ’য় মাধুৰ্য্য ওৰফে নিউটন অসম।

মাধুৰ্য্যই জানিবলৈ দি কয়, আলফাৰ প্ৰতি সেই সময়ত আকৰ্ষিত হৈ নিজ ইচ্ছাৰেই আলফা স্বাধীনত যোগদান কৰিছিলো আৰু আত্মসমৰ্পণ কৰাৰ ক্ষেত্ৰতো সম্পূৰ্ণ ব্যক্তিগত সিদ্ধান্ত গ্ৰহণ কৰিছো।

উল্লেখ্য যে মাধুৰ্য্য অসম ওৰফে নিউটন অসমৰ পিতৃ খগেন সোণোৱাল ওৰফে বাবু সোণোৱালে এসময়ত আলফাৰ বাবে সুদীৰ্ঘ সময় দি বৰ্তমান সময়ত কৃষি কৰ্মত মনোনিবেশ কৰিছে আনহাতে মাধুৰ্য্যৰ মাতৃও এসময়ত আলফাত এক দীঘলীয়া সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰিছিল।

Leave a Comment