নিউজ ডেস্ক। ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলত এতিয়াও পূৰ্ণ গতিত অব্যাহত আছে বন ধ্বংস তথা অবৈধ বেদখল।
বন বিভাগৰ অভিযানত লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা আটক দুটা চোৰাং কাঠ মাফিয়া।
আটকাধীন কাঠ মাফিয়া দুটাৰ নাম হ’ল দিলদাৰ হুছেইন, খাইৰুল হক।
বনকৰ্মীয়ে ধৰি আৰক্ষীক গটাই দিয়ে দুই চোৰাং বন মাফিয়াক। ধৃত দিলৱাৰ হুছেইনৰ ঘৰ লংকাৰ নখুঁটিত, খাইৰুলৰ দেৱেনগাঁৱত।
বনাঞ্চলৰ ভিতৰত ৫২ হেক্টৰ এলেকাত কাঠ ফালি থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰে দুয়োকে। অৱশ্যে ঘটনাস্থলীত পৰা আন কেবাজনাে বন মাফিয়া পলাই যাবলৈ সক্ষম হয় বুলি প্ৰকাশ কৰিছে বন বিভাগে।









