অসম

ক’ভিড মুক্ত হ’ল ধিং এক্সপ্ৰেছ হিমা দাস…

ক’ভিড মুক্ত হ’ল ধিং এক্সপ্ৰেছ হিমা দাস।

এসপ্তাহ পূৰ্বে ক’ৰণাৰ দ্বাৰা সংক্ৰমিত হৈছিল ষ্টাৰ স্প্ৰিণ্টাৰ হিমা দাস।

অৱশেষত বৃহস্পতিবাৰে আহিল ভাল খবৰটো। ক’ভিড মুক্ত হ’ল হিমা।

টুইটাৰযোগে নিজেই এই কথা সদৰি কৰিছে হিমা দাসে।

টুইটাৰত তেওঁ ক’ভিডমুক্ত বুলি জানিবলৈ দি সকলোকে শুভাকাংক্ষীকে ধন্যবাদ জনাই কয়, ট্ৰেকলৈ উভতি যাবলৈ আৰু অপেক্ষা কৰিব নোৱাৰি। আশা কৰো সকলো সুৰক্ষিত আৰু স্বাস্থ্যৱান আছে।

উল্লেখ্য যে, হিমা দাসে যোৱা সপ্তাহত পাটিয়ালাৰ ৰাষ্ট্ৰীয় শিবিৰলৈ উভতি অহাৰ পিছতে ক’ভিড-১৯ ত আক্ৰান্ত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *