বৃদ্ধি পাব পাৰে বিড়ি-চিগাৰেটৰ দাম! কৰ নীতি প্ৰস্তুতৰ বাবে কেন্দ্ৰই গঠন কৰিলে বিশেষজ্ঞ সমিতি…

বৃদ্ধি পাব পাৰে বিড়ি-চিগাৰেটকে ধৰি ধঁপাতজাত সামগ্ৰীৰ দাম।

কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই বিষয়ত সিদ্ধান্ত ল’বলৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰিছে।

ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত বৰ্ধিত কৰৰ হাৰ কি হ’ব, এই কমিটীয়ে পৰামৰ্শ আগবঢ়াব।

ফলত বিড়ি, চিগাৰেটৰ দৰে ধঁপাতজাতীয় সামগ্ৰীৰ দাম বৃদ্ধি হোৱাটো একপ্ৰকাৰ নিশ্চিত।

অৱশ্যে এতিয়াই নহয়, এই বিশেষজ্ঞ গোটৰ পৰামৰ্শ মানি অহা বছৰ বাজেটত ধঁপাতজাতীয় সামগ্ৰীৰ বাবে নতুন কৰ নীতি ঘোষণা কৰিব কেন্দ্ৰীয় চৰকাৰে।

ধঁপাতজাতীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰি তাৰ চাহিদা কমোৱাই কেন্দ্ৰৰ লক্ষ্য। 

২০১৭ চনত জিএছটি আৰম্ভ হোৱাৰ পিছৰে পৰা ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত কৰ বৃদ্ধি হোৱা নাই। বিগত তিনি বছৰত বিড়ি, চিগাৰেটৰ দৰে ধঁপাতজাতীয় সামগ্ৰীৰ দামো সেইদৰে বৃদ্ধি হোৱা নাই।

উল্লেখ্য যে, যোৱা বাজেটত কেন্দ্ৰই বিড়ি-চিগাৰেটৰ ওপৰত কোনো কৰ লগোৱা নাছিল।

ইয়াৰ আগৰ বাজেটতহে চিগাৰেটৰ ওপৰত ১১ শতাংশ কৰ লগোৱা হৈছিল।

শেহতীয়াকৈ কেন্দ্ৰই বিড়ি-চিগাৰেটৰ দাম বৃদ্ধি হ’ব বুলি কথা ওলোৱাৰ পিছতে ভাৰতত চিগাৰেট উৎপাদনকাৰী সৰ্ববৃহৎ কোম্পানী আইটিচিৰ শ্বেয়াৰ হঠাতে অৱনমিত হৈছে।

কালিৰ দিনটোত আইটিচিৰ শ্বেয়াৰ ৫ শতাংশ হ্ৰাস পোৱা পৰিলক্ষিত হয়।

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে কেন্দ্ৰই অহা বছৰৰ ১ ফেব্ৰুৱাৰীৰ পৰাই বিড়ি-চিগাৰেটৰ দাম বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ধঁপাতজাতীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে ধঁপাতৰ ব্যৱহাৰ কমোৱাৰ আটাইতকৈ কাৰ্যকৰী উপায়।

কাৰণ চিগাৰেট, বিড়িৰ দৰে ধঁপাতজাতীয় সামগ্ৰীৰ দাম বাঢ়িলে সেয়া বহুতৰ বাবে সাধ্যৰ বাহিৰলৈ যাব।

Leave a Comment