অসমীয়াঅসম

এসপ্তাহৰ ভিতৰতে ছবিগৃহৰ পৰা আঁতৰিল Black N White! মাত্ৰ এশ টকাত OTT প্লেটফৰ্মত চাব পাৰিব চিনেমাখন…

নিউজ ডেস্কঃ সঞ্জীৱ নাৰায়ণ প্ৰযোজিত অসমীয়া ছবি ডক্তৰ বেজবৰুৱাৰ জয়যাত্ৰাৰ মাজতে যোৱা ২৪ ফেব্ৰুৱাৰীত অসমৰ ছবিগৃহত মুক্তিলাভ কৰিছিল আন এখন অসমীয়া ছবি ‘ব্লেক এণ্ড হোৱাইট’।

ৰবি শৰ্মা অভিনীত এখন এক্সন-চান্সপেন্সধৰ্মী ছবি ব্লেক এণ্ড হোৱাইট। যিয়েই এই ছবিখন চাইছে, তেঁৱেই কাহিনী, চিত্ৰনাট্য আৰু অভিনয়ৰ শলাগ লৈছে।

কিন্তু ছবিখনৰ মুক্তিলাভৰ এসপ্তাহৰ ভিতৰতে এতিয়া ছবিগৃহৰ পৰা ব্লেক এণ্ড হোৱাইটক আঁতৰাবলৈ বাধ্য হ’ল ছবিখনৰ সৈতে জড়িত কলা-কুশলীয়ে।

গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰাৰ লগতে কিছু আক্ষেপো ব্যক্ত কৰিলে অভিনেতা ৰবি শৰ্মাই।

বহু ছবিগৃহই ব্লেক এণ্ড হোৱাইটক ভাল শ্লট প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি ৰবি শৰ্মাই কয় যে যিসমূহ ছবিগৃহই ছবিখনত ভাল শ্লট প্ৰদান কৰিছে, তাত উপাৰ্জন ভাল হৈছে।

ৰাজ্যৰ ৫০ টা ছবিগৃহত বিগত এটা সপ্তাহত ছবিখনে প্ৰায় ৯ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা বুলিও জানিবলৈ দিয়ে অভিনেতাগৰাকীয়ে।

আনহাতে ব্লেক এণ্ড হোৱাইটৰ মুক্তিৰ পিছতেই ছবিখনক লৈ আন আন কলা-কুশলীয়ে আগ্ৰহ ব্যক্ত নকৰা বুলি মন্তব্য কৰিছিল ৰবি শৰ্মাই।

সেই একেখিনি কথাকে পুনৰ এবাৰ দোহাৰি তেওঁ কয় যে বিগত ২-৩ বছৰত কলা-কুশলীসকলৰ মাজত বিভাজন পৰিলক্ষিত হৈছে।

অসমৰ দৰে এটা সৰু চলচ্ছিত্ৰ উদ্যোগত কলা-কুশলীৰ মাজৰ এই বিভাজন ভাল নহয় বুলিও কৈ গ’ল অভিনেতাগৰাকীয়ে।

ব্লেক এণ্ড হোৱাইটক ছবি গৃহৰ পৰা আঁতৰালেও দৰ্শকে OTT প্লেটফৰ্মত এই ছবিখন উপভোগ কৰিব পাৰিব বুলি জনায় ৰবি শৰ্মাই।

CND Play নামৰ অসমীয়া OTT প্লেটফৰ্মটোত মাত্ৰ এশ টকাৰ বিনিময়ত দৰ্শকে ছবিখন উপভোগ কৰিব পাৰিব বুলি প্ৰকাশ কৰে অভিনেতা ৰবি শর্মাই।