ৰাষ্ট্ৰীয়অসমীয়া

পুনৰ জামিন আবেদন নাকচ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ

নিউজ ডেস্ক। শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ ড্ৰাগছৰ গোচৰত পুনৰবাৰ জামিন আবেদন নাকচ আদালতৰ। ক্ৰুজ ড্ৰাগছৰ গোচৰত অভিযুক্ত হোৱাৰ বাবে বুধবাৰে আদালতে তেওঁৰ জামিন আবেদন নাকচ কৰে।

একেৰাহে চতুৰ্থবাৰৰ বাবে আৰিয়ান খানৰ জামিনৰ আবেদন নাকচ কৰা হৈছে। মুম্বাইৰ সত্ৰ আদালতে আৰিয়ানৰ জামিনৰ আবেদন নাকচ কৰে। যাৰ ফলত তেওঁ এতিয়া পুনৰ কাৰাগাৰত থাকিব লাগিব।

বিশেষ এনডিপিএছ আদালতে আৰিয়ান খান, আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেছাৰ জামিন আবেদন নাকচ কৰে। যাৰ ফলত শ্বাহৰুখ আৰু গৌৰী খানৰ চিন্তা পুনৰ এবাৰ বৃদ্ধি পাইছে।

FCHIOTm-UYAI1urt

কোৱা হৈছে যে আৰিয়ান খানৰ উকীলে এতিয়া মুম্বাই হাৰ্ট আদালতৰ কাষ চাপিব পাৰে। আদালতে পূৰ্বে আৰিয়ান খানৰ জামিন আবেদনৰ ওপৰত পাঁচ দিনৰ বাবে ৰায় সংৰক্ষিত ৰাখিছিল। আনহাতে শ্বাহৰুখ খানৰ সমৰ্থনত বহুতো উদ্যোগ প্ৰতিষ্ঠান বৰ্তমান ওলাই আহিছে।

চলচ্চিত্ৰ পৰিচালক সঞ্জয় গুপ্তাইয়ো শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক গ্ৰেপ্তাৰ আৰু কাৰাগাৰত থকা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ এনচিবিৰ দ্বাৰা আৰিয়ান খানক গ্ৰেপ্তাৰ কৰাটোক ‘সন্দেহজনক’ বুলি অভিহিত কৰিছে। সঞ্জয় গুপ্তাই কয় যে, “আৰিয়ান খানৰ গ্ৰেপ্তাৰ সন্দেহজনক। কিয়নো তেওঁৰ পৰা কোনো ড্ৰাগছ পোৱা নাছিল।”

তেওঁ আৰু কয় যে, “তেওঁৰ তেজত কোনো ড্ৰাগছ পোৱা নাছিল। তথাপিও তেওঁ ১৮ দিন কাৰাগাৰত কটায়। দায়বদ্ধ সকলৰ নিজৰ সন্তান নাই নেকি?”

অভিনেত্ৰী কুব্ৰা চাইটেও আৰিয়ান খানৰ গ্ৰেপ্তাৰ সন্দৰ্ভত কয় যে, “আমি ভয়ানক সময়ত জীয়াই আছো। মানুহে এতিয়া সত্য জানিবলৈ আগ্ৰহী নহয়। আমি টিআৰপিৰ বাবে যি কৰি আছো, সিয়ে কাৰোবাৰ জীৱন ধ্বংস কৰি আছে। ইফালে এনচিবিয়ে আৰিয়ান খানক গ্ৰেপ্তাৰ কৰাৰ ১৯ দিন হ’ল।”

সঞ্জয় গুপ্তাৰ উপৰিও শত্ৰুঘ্ন সিনহাৰ পৰা হৃত্বিক ৰোশনলৈকে বহুতে আৰিয়ান খানক গ্ৰেপ্তাৰ কৰাৰ বাবে এনচিবিক প্ৰশ্ন কৰে। শত্ৰুঘ্ন সিনহাই আনকি কয় যে আৰিয়ান খানক শ্বাহৰুখ খানৰ পুত্ৰ হোৱাৰ বাবেহে শাস্তি দিয়া হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *