২১ কােটি টকা মূল্যৰ হেৰোইনসহ গ্ৰেপ্তাৰ মহিলা সৰবৰাহকাৰী

নিউজ ডেস্ক। মুম্বাই আৰক্ষীৰ এণ্টি-নাৰ্কোটিক্স চেল (এএনচি) ৰ সফলতা।

বুধবাৰে তেওঁলোকে ছিয়ানৰ পৰা এগৰাকী মহিলাক ৭.২ কিলোগ্ৰাম হেৰোইন সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। যিখিনিৰ মূল্য প্ৰায় ২১ কোটি টকা বুলি অনুমান কৰা হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, জেৰাৰ সময়ত মহিলাগৰাকীয়ে আৰক্ষীক কয় যে তেওঁ ৰাজস্থানৰ প্ৰতাপগড়ৰ দুজন ব্যক্তিৰ পৰা নিচাজাতীয় সামগ্ৰীখিনি সংগ্ৰহ কৰিছিল। মহিলাগৰাকীক আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

এজন বিষয়াই কয় যে, “ৰাজস্থানৰ কিছুমান ব্যক্তিয়ে পথাৰৰ কাষত হেৰোইন খেতি কৰে। যিবোৰ উদ্ভিদক ঔষধি উদ্দেশ্যৰ বাবে খেতি কৰিবলৈ আইনীভাৱে অনুমতি দিয়া হৈছে। এইটো হৈছে এটা অন্যতম মুখ্য কাৰণ, যাৰ জৰিয়তে হেৰোইন চহৰলৈ আহে।”

উল্লেখ্য যে এএনচিয়ে যোৱা কেইমাহমান ধৰি কেইবাটাও নিচা জাতীয় সামগ্ৰী জব্দ অভিযান সম্পন্ন কৰিছে।

মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে তেওঁৰ শেহতীয়া দশেৰা ভাষণৰ সময়ত কয় যে এএনচিয়ে এনচিবিতকৈ বেছি চিজাৰ কৰি আছে।

তেওঁ অভিযোগ কৰে যে এনচিবিয়ে চেলিব্ৰিটিসকলক লক্ষ্য কৰি আছে, যাৰ ফলত তেওঁলোকে কম পৰিমাণৰ সামগ্ৰী জব্দ কৰিছে। তাৰ বিপৰীতে এএনচিয়ে বৃহৎ পৰিমাণৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে।

Leave a Comment