নিউজ ডেস্কঃ বাইকেৰে কলেজলৈ বুলি গৈ থকাৰ সময়তে পুৱা তীব্ৰবেগী বাছে মহটিয়াই লৈ গ’ল এহাল যুৱক-যুৱতীক।
মঙলবাৰে পুৱা এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় কেৰালাৰ চদয়ামংগলমৰ সমীপৰ এম চি ৰোডত।
দুৰ্ঘটনাত নিহত দুজনক পুনালুৰুৰ নিৱাসী অভিজিৎ (১৯) আৰু শিখা (২০) বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, কিলিমানুৰৰ বিদ্যা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ বি.টেক ছাত্ৰী শিখা আৰু পাঠানমথিটাৰ মুছালিয়াৰ কলেজৰ বিবিএৰ ছাত্ৰ অভিজিতে পুৱা একেলগে বাইকেৰে কলেজলৈ গৈ আছিল।
সেই সময়তে পুৱা প্ৰায় ৮ বজাত বিপৰীত দিশৰ পৰা অহা এখন কে এছ আৰ টি চিৰ বাছে দুয়োকে মহটিয়াই নিয়াত থিতাতে মৃত্যু ঘটে শিখা আৰু অভিজিতৰ।
ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি বাছ চালকজনক আটক কৰিছে।









