আৰক্ষীৰ সফল অভিযান! বোকাজানত জব্দ ১৫ কোটি মূল্যৰ নিষিদ্ধ ড্ৰাগছ, এজনক আটক…

নিউজ ডেস্কঃ ড্ৰাগছৰ বিৰুদ্ধে আন এক সফল অভিযান কাৰ্বি আংলং আৰক্ষীৰ।

বোকাজানত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিলে প্ৰায় ১৫ কোটি টকা মূল্যৰ ড্ৰাগছ।

আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই ৫ কেজি ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত এজন লোকক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ব্যৱসায়ীজনে এটা বেগৰ ভিতৰত লুকুৱাই বাছেৰে সৰবৰাহ কৰিছিল এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।

ইফালে আৰক্ষীৰ এই সফল অভিযানৰ বিষয়ে টুইটযোগে সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।