গৌৰৱৰ ক্ষণ! ১੦ লাখ টকা লাভেৰে মুম্বাই ইণ্ডিয়ানছত স্থান লাভ অসমৰ জিন্টীমণিৰ

সমাগত মহিলা আই পি এলত দেখা যাব অসমৰ জিণ্টিমণি কলিতাক

নিউজ ডেস্ক। অসমবাসীৰ বাবে এক সুখবৰ!

দেশত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগা মহিলা প্ৰিমিয়াৰ লীগ চমুকে ডব্লিউ পি এলৰ নিলামত ১੦ লাখ টকা লাভেৰে মুম্বাই ইণ্ডিয়ানছত স্থান লাভ কৰিলে অসমৰ জিন্টীমণি কলিতাই।

329847791 513767110862445 3396348612129819752 n
গৌৰৱৰ ক্ষণ! ১੦ লাখ টকা লাভেৰে মুম্বাই ইণ্ডিয়ানছত স্থান লাভ অসমৰ জিন্টীমণিৰ 4

উল্লেখ্য যে ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ চমুকৈ আইপিএলৰ দৰেই ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ড চমুকৈ বি চি চি আয়ে প্ৰথমবাৰৰ বাবে মহিলা প্রিমিয়াৰ লীগৰ আয়ােজন কৰিছে।

এই প্ৰতিযােগিতাৰ বাবে অনুষ্ঠিত নিলামত অংশ লৈ নিৰ্বাচিত হ’ল অসমৰ মঙলদৈৰ জীয়ৰী জিণ্টিমণিক কলিতা।

330906091 3020401208253714 8331996286658247839 n edited
গৌৰৱৰ ক্ষণ! ১੦ লাখ টকা লাভেৰে মুম্বাই ইণ্ডিয়ানছত স্থান লাভ অসমৰ জিন্টীমণিৰ 5

মুম্বাই ইণ্ডিয়ানছে ভিত্তিমূল ১০ লাখ টকাত ক্রয় কৰে খেলুৱৈগৰাকীক।

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি খেলুৱৈগৰাকীয়ে কয় যে তেওঁ অতিকৈ সুখী।

পিতৃৃ-মাতৃ, প্ৰশিক্ষকলৈ কৃতজ্ঞতা জনাই জিন্টীমণিয়ে কয় যে সমগ্ৰ মংগলদৈবাসীৰ বাবেও এয়া এক ভাল খবৰ। সকলােৰে আশীৰ্বাদেৰে তেওঁ ভাৰতীয় মহিলা ক্ৰিকেট দলতাে এদিন স্থান লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী।

৪ মাৰ্চৰ পৰা অনুষ্ঠিত হ’বলগীয়া টি -টুৱেন্টী লীগখনৰ বাবে ১৩ ফেব্ৰুৱাৰীৰ পৰা খেলুৱৈ নিলাম প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷

330859746 915150712834810 6741485854720979784 n
গৌৰৱৰ ক্ষণ! ১੦ লাখ টকা লাভেৰে মুম্বাই ইণ্ডিয়ানছত স্থান লাভ অসমৰ জিন্টীমণিৰ 6

এই লীগৰ নিলামৰ বাবে অসমৰ আন এগৰাকী খেলুৱৈ উমা চেত্ৰীয়েও নাম পঞ্জীয়ন কৰিছে।