
শােকাৱহ! পুত্ৰৰ আকস্মিক মৃত্যুৰ পিছতে প্ৰাণত্যাগ বৃদ্ধ মাতৃৰ
নিউজ ডেস্ক। এক অতি মৰ্মান্তিক ঘটনা।
পুত্ৰ শােকত মৃয়মাণ বৃদ্ধ মাতৃৰাে একেদিনাই প্ৰাণত্যাগ।
এই ঘটনাই শােকান্বিত কৰি তুলিছে নগাঁও চহৰৰ পানীগাঁও বাসীক।
উল্লেখ্য যে নগাঁও চহৰৰ পানীগাঁও দুর্গাবাড়ীৰ বিশাল ভৱন পথৰ নিৱাসী ইলেক্ট্ৰিচিয়ান হৰেকৃষ্ণ সেনৰ দেওবাৰে পুৱা ন বজাত আকস্মিক বিয়োগ ঘটে।

শৌচালয়লৈ গৈ তাতেই শেষ নিশ্বাস ত্যাগ কৰা পুত্ৰৰ শেষকৃত্য সম্পন্ন নৌহওঁতেই আবেলি মৃত্যু হয় ৰোগাক্ৰান্ত মাতৃ চন্দ্ৰা সেনৰো ।
পুত্ৰৰ মৃত্যুৰ সময়ত বয়স আছিল ৫০ বছৰ।

আনহাতে, পুত্ৰৰ বিয়োগৰ বেদনাত মৃত্যুক আঁকোৱালি লোৱা মাতৃ অশীতিপৰ।
এই ঘটনাই এতিয়া সমগ্ৰ নগাঁৱত শোকৰ ছাঁ পৰিছে।
দুয়োৰে একেদিনাই হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱাৰ সন্দেহ প্রকাশ কৰিছে স্থানীয় ৰাইজে ।






Pingback: চাঞ্চল্যকৰ! ঘৰৰ দুৱাৰমুখতে ছুৰীকাঘাত কৰি নৃশংসভাৱে হত্যা এগৰাকী শিক্ষয়িত্ৰীক… - NEWS8 NorthEast