অসমঅসমীয়া

আৰক্ষীৰ অভিযান চোৰাং গৰু সহ আটক ৪ সৰবৰাহকাৰী, বাহন জব্দ

নিউজ ডেস্ক। ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰে নহয়, দক্ষিণ কামৰূপৰ মাজেৰে মেঘালয় হৈ বাংলাদেশলৈ চালান হয় চােৰাং গৰু।

দক্ষিণ কামৰূপত দীৰ্ঘদিন ধৰি অব্যাহত আছে গৰু চিণ্ডিকেট।

শেহতীয়াকৈ কামৰূপ আৰক্ষীয়ে এই চিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।

জানিব পৰা মতে, ছয়গাঁও আৰক্ষীৰ অভিযানত পাঁচটাকৈ চৰাং গৰুসহ ৪ টা গৰু সৰবৰাহকাৰীক আটক হয়।

পুৱতি নিশা ছয়গাঁও আৰক্ষীয়ে খেদি খেদি আটক কৰে গৰু চিণ্ডিকেট চক্ৰৰ এই ৪ সদস্যক।

আটকাধীন লোককেইজন ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত নজমুল হক, উজ্বল দাস, দীপাংকৰ ৰাভা আৰু ৰুৱেনেশ্বৰ ৰাভা।

ছয়গাঁও ভেৰভেৰিত গৰুসহ চাৰিওজনকে আটক কৰে ছয়গাঁও আৰক্ষীয়ে।

উল্লেখ্য যে চুবুৰীয়া ৰাষ্ট্ৰ মেঘালয়লৈ বুলি গৰুকেইটা নি থকা অৱস্থাত ছয়গাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ গোপন সূত্ৰৰ পম খেদি আটক কৰে লোককেইজনক।

চোৰাং গৰু কঢ়িয়াই অনা এ এছ ০১এফ চি৮৫১৭ আৰু এ এছ ২৫চি চি০৬৪৩ নম্বৰৰ বাহন দুখনাে জব্দ কৰে আৰক্ষীয়ে।

লগতে চাওকঃ

টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙক গ্ৰেপ্তাৰ!

Leave a Reply

Your email address will not be published. Required fields are marked *