অসমঅসমীয়া

পুনৰ এনকাউন্টাৰ, আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া ৰাহুল

নিউজ ডেস্ক। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যজুৰি অপৰাধী চক্ৰৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান।

এই আৰক্ষীৰ অভিযানত গুলীবিদ্ধ হ’ল এটা ড্ৰাগছ মাফিয়া।

এইবাৰ ঘটনাৰ স্থান ধুবুৰী।

জানিব পৰা মতে, আৰক্ষীয়ে আটক কৰা ড্ৰাগছ মাফিয়া ৰাহুল প্ৰসাদক লৈ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈছিল ধুবুৰী আৰক্ষীয়ে।

কিন্তু ধুবুৰী আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰিবলৈ অপচেষ্টা চলায় ৰাহুল প্ৰসাদে। যাৰ ফলত আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়াত পৰে।

ৰাহুলৰ সোঁ ভৰিত গুলী লাগি গুৰুতৰভাৱে আহত হোৱাত ৰাহুলক ততালিকে ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য যে যোৱা শনিবাৰে ৰাহুল প্ৰসাদসহ তিনি ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰিছিল ধুবুৰী আৰক্ষীয়ে।

লগতে চাওকঃ

৭৫ দিনৰ পিছত উদ্ধাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত সন্ধানহীন সেনাৰ পায়লটৰ মৃতদেহ

Leave a Reply

Your email address will not be published. Required fields are marked *