কেন্দ্ৰীয় বাজেট ২০২৩-২৪! বাজেটৰ পাছত বৃদ্ধি পাব এইবোৰ সামগ্ৰীৰ মূল্য…

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নীৰ্মলা সীতাৰমণে দাখিল কৰিলে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট।

বাজেট দাখিল কৰাৰ পাছত দাম বৃদ্ধি পাব কিছু সামগ্ৰীৰ।

সেই অনুসৰি প্লেটিনামৰ মূল্য বৃদ্ধি পাব। সোণ আৰু ৰূপৰ মূল্য বৃদ্ধি হ’ব।

বাজেটৰ পাছতেই চিলভাৰৰ বাচন বৰ্তন, চিগাৰেট, অলংকাৰ আদিৰ মূল্যও বৃদ্ধি পাব।

ধপাতমযুক্ত সামগ্ৰী আৰু বিদেশৰ পৰা আমদানি কৰা ৰূপৰ মূল্য বৃদ্ধি পাব এই বাজেটৰ পাছত।

কেন্দ্ৰীয় বাজেটত বহু অভিলাষী আঁচনিৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰীয়ে।

উল্লেখ্য যে, নিৰ্মলা সীতাৰমণে একেৰাহে পঞ্চমবাৰৰ বাবে সংসদত বাজেট উত্থাপন কৰিছে।

অহা বছৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এয়া কেন্দ্ৰীয় চৰকাৰৰ অন্তিম পূৰ্ণ বাজেট।