ব্ৰহ্মপুত্ৰ নদীত জঁপিয়াই আত্মহত্যা এগৰাকী টেট শিক্ষয়িত্ৰীৰ।
বিশ্বনাথ ঘাটৰ ব্ৰহ্মপুত্ৰ নদীত জঁপিয়াই আত্মহত্যা কৰে শিক্ষয়িত্ৰী গৰাকীয়ে।
নদীত জাপ দিয়া শিক্ষয়িত্ৰীগৰাকী হ’ল উত্তৰ চতিয়া হাইস্কুলৰ শিক্ষয়িত্ৰী প্ৰিয়ংকা গগৈ।

স্থানীয়ে ৰাইজে ইতিমধ্যে অভিযান চলাই শিক্ষয়িত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
ঘটনাৰ বিৱৰণী অনুসৰি শিক্ষয়িত্ৰী গৰাকীয়ে আজি পুৱা স্কুটিত তেল ভৰাম বুলি ঘৰৰ পৰা ওলাই আহি পেট্ৰ’ল পাম্পৰ পৰিৱৰ্তে উপস্থিত হয় বিশ্বনাথ ঘাটত।
বিশ্বনাথ ঘাটত স্কুটি ৰাখি ব্ৰহ্মপুত্ৰ নদীত জঁপিয়াই মহিলা গৰাকীয়ে।

অৱশ্যে কি কাৰণত মহিলাগৰাকীয়ে এনে চৰম সিদ্ধান্ত ল’লে সেইয়া এতিয়াও জানিব পৰা হোৱা নাই।
আৰক্ষীৰ তদন্ততহে প্ৰকাশ পাব আত্মহত্যাৰ আঁৰৰ প্ৰকৃত ৰহস্য।
লগতে চাওকঃ









