নিউজ ডেস্কঃ সন্তানসম্ভৱা কন্যাৰ চিকিৎসাৰ যাৱতীয় খৰছ বহন কৰিব নোৱাৰি সন্তান জন্মৰ ঠিক পূৰ্বেই চৰম পথ বাচি লৈছিল জোঁৱায়েকে!
এই হৃদয় বিদাৰক ঘটনাৰ মাজতে সুখৰ ৰেঙনি হৈ হাস্পতালত এটি পুত্ৰ সন্তান জন্ম দিছিল জীয়াৰীয়ে।
কিন্তু নিয়তিৰ পৰিহাসত জন্মৰ কেই ঘণ্টামান পিছতে মৃত্যু ঘটে সদ্যোজাত কণমাণিটিৰো।
আৰু তাৰ পিছতে শোকবিহ্বল হৈ নিয়তিক ধিয়াই কণমানিটিৰ নিথৰ দেহ বুকুৰ মাজত সাৱটি হাস্পতালৰ এটা কোণত বহি ৰ’ল ককাক।
এই মৰ্মান্তিক দৃশ্যই শুকুৰবাৰে দুচকু সিক্ত কৰি তোলে যোৰহাট মেডিকেল কলেজ হাস্পতালত উপস্থিত থকা সকলোৰে।
দৰাচলতে সন্তানসম্ভৱা পত্নীৰ যাৱতীয় খৰছ বহন কৰিব নোৱাৰি বুধবাৰে আত্মহত্যাৰ পথ বাচি লৈছিল বোকাখাতৰ সেউজীপাৰৰ অসীম বৰুৱা নামৰ এটা শিৱ মন্দিৰৰ পূজাৰীৰ সহায়কজনে।
ইয়াৰ পিছতে ঘৰত উঠিছিল কান্দোনৰ ৰোল। কিন্ত তাৰ মাজতে প্ৰসৱ বেদনাত ভুগি থকা অসীম বৰুৱাৰ পত্নীক একাংশ হৃদয়বান লোকে অৰ্থ সংগ্ৰহ কৰি ভৰ্তি কৰোৱাইছিল যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত।
জোঁৱায়েক অসীম বৰুৱাৰ আৰ্থিক দীনতাৰ বাবে কন্যাৰ চিকিৎসাৰ পাৰ্যমানে খৰছ বহন কৰিছিল শহুৰ পুতুল শৰ্মাই।
জীয়াৰীক হাস্পতালত ভৰ্তি কৰাৰ সময়তো অনৱৰতে তেওঁ লগত আছিল।
হাস্পতালতে বুধবাৰে নিশা এটি পুত্ৰ সন্তান জন্ম দিয়ে জীয়াৰীয়ে।
দুখৰ মাজতো সেয়া পৰিয়ালটোৰ বাবে আছিল এটা আশাৰ ৰেঙনি।
কিন্তু জন্মৰ ৪৮ ঘণ্টাৰ ভিতৰতে সদ্যোজাত দেৱশিশুটিয়েও মৃত্যুক সাৱটি লোৱাত এইবাৰ শোকত একেবাৰে ভাগি পৰে গোটেই পৰিয়াল।
যাৰ পিছত শোকাহত হৈ হাস্পতালৰ এটা চুকত নাতিয়েকৰ নিথৰ দৈ বহি ৰয় ককাক পুতুল শৰ্মা।
দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোত একেলগে ঘটা এনে দুই হৃদয় বিদাৰক ঘটনাই এতিয়া যেন শোকস্তব্ধ কৰি তুলিছে সকলোকে।
সমান্তৰালভাৱে চৰকাৰী হাস্পতালত বিনামূলীয়া চিকিৎসাৰ দোহাই দি ঢাক-ঢোল বজোৱা চৰকাৰখনৰ দিনত হাস্পতালত প্ৰকৃত দৰিদ্ৰ জনতাই কেনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় তাক লৈও প্ৰশ্নৰ উত্থাপন হৈছে।









