ভাৰতীয় সেনাৰ মহানুভৱতা! প্ৰচণ্ড তুষাৰপাতৰ মাজেৰে একাঁঠু বৰফৰ ওপৰেৰে পিঠিত তুলি হাস্পতাললৈ লৈ আনিলে অশীতিপৰ অসুস্থ বৃদ্ধাক…

নিউজ ডেস্কঃ এই দেশৰ প্ৰকৃত নায়ক চিনেমাৰ নামী-দামী অভিনেতা নহয়, এই দেশৰ প্ৰকৃত নায়ক হৈছে দেশ মাতৃৰ হকে জাৰ-জহকো নেওচি সষ্টম হৈ থকা ভাৰতীয় সেনা জোৱানসকল।

এই কথাই বাৰে বাৰে প্ৰমাণ কৰি আহিছে ভাৰতীয় সেনাই।

আৰ্তজনৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়াই অহা ভাৰতীয় সেনাৰ মহানুভৱতা তথা দায়বদ্ধতা পুনৰ এবাৰ প্ৰমাণিত হ’ল জম্মু-কাশ্মীৰত।

তীব্ৰ শাৰীৰিক অসুস্থতাত ভুগি থকা এগৰাকী অশীতিপৰ বৃদ্ধাক প্ৰচণ্ড তুষাৰপাতৰ মাজেৰে সময়মতে হাস্পতাললৈ কঢ়িয়াই আনি ভাৰতীয় সেনা জোৱানে দেখুৱাই দিলে এই দেশৰ প্ৰকৃত নায়ক কোন।

image 53
ভাৰতীয় সেনাৰ মহানুভৱতা! প্ৰচণ্ড তুষাৰপাতৰ মাজেৰে একাঁঠু বৰফৰ ওপৰেৰে পিঠিত তুলি হাস্পতাললৈ লৈ আনিলে অশীতিপৰ অসুস্থ বৃদ্ধাক… 4

দৰাচলতে জম্মু-কাশ্মীৰৰ জাবৰি গাঁৱৰ এগৰাকী ৮০ বছৰীয়া বৃদ্ধা বিগত কিছুদিন ধৰি তীব্ৰ জ্বৰ, বিষ আৰু অন্য ৰোগত ভুগি আছিল।

ইফালে জম্মু-কাশ্মীৰৰ সেই সমগ্ৰ এলেকাটোত হৈ থকা প্ৰবল তুষাৰপাতৰ বাবে বৃদ্ধাগৰাকীক হাস্পতাললৈ নিব পৰা নাছিল পৰিয়ালৰ লোকেও।

শুকুৰবাৰে বৃদ্ধাগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁৰ স্বামী মীৰ মহম্মদে পত্নীক হাস্পতাললৈ নিয়াত সহায় কৰিবলৈ ভাৰতীয় সেনাক অনুৰোধ জনায়।

image 54
ভাৰতীয় সেনাৰ মহানুভৱতা! প্ৰচণ্ড তুষাৰপাতৰ মাজেৰে একাঁঠু বৰফৰ ওপৰেৰে পিঠিত তুলি হাস্পতাললৈ লৈ আনিলে অশীতিপৰ অসুস্থ বৃদ্ধাক… 5

ইয়াৰ পিছতে ভাৰতীয় সেনাই মীৰ মহম্মদৰ ঘৰত উপস্থিত হৈ অসুস্থ বৃদ্ধা গৰাকীক পিঠিত তুলি প্ৰচণ্ড তুষাৰপাতৰ মাজেৰে খোজকাঢ়ি হাস্পতাললৈ লৈ আনে।

ভাৰতীয় সেনাৰ এই দায়বদ্ধতা তথা মহানুভৱতাৰ এটা ভিডিঅ’ও এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

image 55
ভাৰতীয় সেনাৰ মহানুভৱতা! প্ৰচণ্ড তুষাৰপাতৰ মাজেৰে একাঁঠু বৰফৰ ওপৰেৰে পিঠিত তুলি হাস্পতাললৈ লৈ আনিলে অশীতিপৰ অসুস্থ বৃদ্ধাক… 6

য’ত একাঁঠু বৰফৰ মাজেৰে বৃদ্ধাগৰাকীক পিঠিত লৈ সন্মুখলৈ আগবঢ়া দেখা গৈছে ভাৰতীয় সেনা জোৱানক।

দেশৰ প্ৰকৃত নায়ক ভাৰতীয় সেনা জোৱানৰ এনে মহানুভৱ কাৰ্যই এতিয়া চৰ্চা লাভ কৰিছে সৰ্বত্ৰে।