নিউজ ডেস্ক। গাড়ীৰ ভিতৰতে ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ চিৰঞ্জীৱ গগৈ (২৮) নামৰ যুৱকৰ।
জানিব পৰা মতে, ডিমৌৰ ৰাজমাই শেনছোৱা আলিৰ সমীপত শুকুৰবাৰে বিয়লি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা এ এছ-০৪ টি-২৫৪৯ নম্বৰৰ টাটা টিয়াগ’ গাড়ীখনৰ ভিতৰত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ।
মৃত চিৰঞ্জীৱ গগৈ থাওৰাৰ বামুণবাৰী নিবাসী প্রয়াত জিতু গগৈৰ পুত্ৰ।

স্থানীয় লােকে বহু সময় ধৰি পথৰ ওপৰতে ৰৈ থকা গাড়ীখনক লৈ সন্দেহ ওপজাত গাড়ীখনৰ কাষত উপস্থিত হৈ পিচফালৰ আসনত শুই থকা অৱস্থাত যুৱকজনক প্রত্যক্ষ কৰে।
এই সন্দৰ্ভত স্থানীয় লোকে যুৱকজনক বামুণবাৰীৰ চিৰঞ্জীৱ গগৈ বুলি চিনাক্ত কৰি পৰিয়ালক খবৰ দিয়ে।
পিচত পৰিয়ালৰ লোক সেই স্থানত উপস্থিত হৈ চিৰঞ্জীৱ গগৈক দিচাং ৰজাবাৰীস্থিত স্বৰ্গদেউ চুকাফা চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰে।
ডিমৌ আৰক্ষীয়ে যুৱকজনৰ মৃতদেহটো শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।









