নিউজ ডেস্কঃ ২০২৪ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু এটা বছৰ!
ইতিমধ্যেই বিভিন্ন প্ৰকাৰে এই নিৰ্বাচনলৈ প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজনৈতিক দলসমূহে। নিৰ্বাচনী ৰণ পথাৰত ভৰি দিয়াৰ সপোন দেখিছে অনেকেই।
এনে সময়তে অসমৰ ১৪টা লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ পেনেল কংগ্ৰেছে প্ৰস্তুত কৰি দিল্লীলৈ প্ৰেৰণ কৰাৰ খবৰ প্ৰকাশ পাইছে।
এই খবৰৰ মাজতে আন এটা প্ৰাধান্য লাভ কৰা খবৰ হৈছে- এইবাৰ হেনো ৰাজনীতিৰ ভাগ্য পৰীক্ষাত অৱতীৰ্ণ হ’ব অভিনেত্ৰী বৰষাৰাণী বিষয়া।
একাধিক সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি অনুসৰি কংগ্ৰেছে গুৱাহাটী লোকসভা সমষ্টিৰ বাবে বাছনি কৰিছে বৰষাৰাণী বিষয়াক।
তেওঁৰ নাম প্ৰাৰ্থিত্বৰ বাবে দিল্লীৰ শীৰ্ষ নেতৃত্বলৈ প্ৰেৰণ কৰা হৈছে বুলিও দাবী কৰিছে একাংশ সংবাদ মাধ্যমে।
সংবাদ মাধ্যমৰ এনে বাতৰিক লৈ ৰাজ্যজুৰি চৰ্চা চলাৰ সময়তে এই বাতৰিক ভুৱা আখ্যা দিলে খোদ অভিনেত্ৰী বৰষাৰাণী বিষয়াই।
তেওঁ ফেচবুক লাইভযোগে বিষয়টো সন্দৰ্ভত স্পষ্টীকৰণ দি কয় যে তেওঁৰ ৰাজনীতিত প্ৰৱেশ কৰাৰ কোনো পৰিকল্পনা নাই।
নতুনকৈ আৰম্ভ কৰা সংসাৰ আৰু পেছাদাৰী জীৱনৰ কৰ্ম ব্যস্ততাৰ মাজত ৰাজনীতিত প্ৰৱেশ কৰাৰ কোনো আগ্ৰহ নাই বুলি স্পষ্ট কৰি দিয়ে অভিনেত্ৰীগৰাকীয়ে।









