ঘৰৰ চালিৰ পৰা বৰফৰ তৰপ আঁতৰাবলৈ গৈ দুৰ্ঘটনাত পতিত ‘এভেঞ্জাৰ্ছ’খ্যাত অভিনেতা জেৰেমি ৰেনাৰ! সংকটজনক অৱস্থাত চিকিৎসাধীন…

নিউজ ডেস্কঃ ঘৰৰ চালিত পৰা বৰফ আঁতৰাই থাকোতেই দুৰ্ঘটনাত পতিত গুৰুতৰভাৱে আহত প্ৰসিদ্ধ অভিনেতা জেৰেমি ৰেনাৰ।

দেওবাৰে আমেৰিকাৰ নেভাডাৰ ৱাশ্বো কাউণ্টিৰ ঘৰত দুৰ্ঘটনাত পতিত হয় অভিনেতাগৰাকী।

উল্লেখ্য যে, মাৰ্ভেলৰ ‘এভেঞ্জাৰ্ছ’ আৰু ‘কেপ্তেইন আমেৰিকাৰ’ দৰে ছবিত অভিনয় কৰি বিশ্বজুৰি জনপ্ৰিয় হৈ পৰা অভিনেতাগৰাকী দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱাৰ পিছতে বিমানযোগে হাস্পতাললৈ লৈ যোৱা হয়।

image 6
ঘৰৰ চালিৰ পৰা বৰফৰ তৰপ আঁতৰাবলৈ গৈ দুৰ্ঘটনাত পতিত 'এভেঞ্জাৰ্ছ’খ্যাত অভিনেতা জেৰেমি ৰেনাৰ! সংকটজনক অৱস্থাত চিকিৎসাধীন… 3

বৰ্তমান তেওঁৰ অৱস্থা সংকটজনক যদিও সুস্থিৰ বুলি জানিব পৰা গৈছে।

প্ৰণিধানযোগ্য যে দুবাৰকৈ অস্কাৰৰ বাবে মনোনীত হোৱা অভিনেতাগৰাকীয়ে শেহতীয়াকৈ ৱেব চিৰিজ ‘মেয়ৰ অৱ কিংগছ টাউন’ৰ কামত ব্যস্ত হৈ আছিল। জানুৱাৰী মাহতে এই চিৰিজৰ চিজন ২ মুকলি হোৱাৰ কথা।

জানিব পৰা মতে, নৱবৰ্ষৰ পূৰ্বে তেওঁৰ বাসগৃহৰ লগতে কাউণ্টিৰ ৩৫ হাজাৰতকৈ অধিক ঘৰ বৰফেৰে ঢাক খাই পৰিছিল। যাৰ ফলত ব্যাহত হৈ পৰিছিল বিদ্যুৎ যোগানো।

image 5
ঘৰৰ চালিৰ পৰা বৰফৰ তৰপ আঁতৰাবলৈ গৈ দুৰ্ঘটনাত পতিত 'এভেঞ্জাৰ্ছ’খ্যাত অভিনেতা জেৰেমি ৰেনাৰ! সংকটজনক অৱস্থাত চিকিৎসাধীন… 4

এনে পৰিপ্ৰেক্ষিতত ঘৰৰ চালিৰ পৰা বৰফৰ তৰপ আঁতৰাবলৈ নিজেই উঠিছিল অভিনেতাগৰাকী। যাৰ ফলত দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হয় জেৰেমি ৰেনাৰ।