মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফসহ পলায়ন কুখ্যাত বাইক চােৰৰ

নিউজ ডেস্ক। মহানগৰীত অপৰাধজনিত ঘটনা ক্ৰমাৎ বৃদ্ধি পােৱাৰ সময়তে এইবাৰ আৰক্ষীৰ জিম্মাৰ পৰা হেণ্ডকাফসহ পলাল এটা কুখ্যাত বাইক চােৰ।

উল্লেখ্য যে শিবু কুমাৰ নামৰ বাইক চােৰটােক গ্ৰেপ্তাৰ কৰিছিল ভৰলুমুখ আৰক্ষীয়ে।

আদালতত হাজিৰ কৰাৰ পিছত থানাতে ৰখা হৈছিল চােৰটােক। কিন্তু থানাখনৰ পৰাই হেণ্ডকাফসহ পলায়ন কৰে শিবু কুমাৰে।

এই ঘটনাই একাংশ দায়িত্বশীল আৰক্ষী বিষয়াৰ কৰ্তব্যৰ প্ৰতি গাফিলতি পুনৰ উদঙাই দেখুৱাইছে।

ইপিনে, পলাতক শিবু কুমাৰক বিচাৰি অভিযান তীব্ৰতৰ কৰি তুলিছে মহানগৰ আৰক্ষীয়ে।